শিমলুগুৰি নাগালেণ্ড সংযোগী বিহুবৰত পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক
নাজিৰা সমষ্টিৰ দুটা ব্যস্ততা পূৰ্ণ পথ শিমলুগুৰি পৰা বিহুবৰ সংযোগী ৰমনীআলি পথটো আৰু গড়মুৰ ৰাজগড় পথ, বৰ্তমানো বিধস্ত এই পথ দুটা । কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা বিধ্বস্ত এই পথচোৱা। নাজিৰাৰ শিমলুগুৰিৰ ৰমণী আলি পথ অৰ্থাৎ শিমলুগুৰি নাগালেণ্ড সংযোগী বিহুবৰত পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক।শিমলুগুৰি নাগালেণ্ড সংযোগী বিহুবৰৰ এই পথছোৱা প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ দ দ গাঁত।বাৰিষাৰ আৰম্ভণিতেই বোকাময় পথচোৱা।
শিমলুগুৰি নাগালেণ্ড সংযোগী বিহুবৰৰ এই পথচোৱাত প্ৰকাণ্ড পুখুৰী সদৃশ দ দ গাঁত সৃষ্টি হোৱাত কোনোমতেহে যাব পাৰে সৰু চাৰিচকীয়া বাহন,মটৰ চাইকেল।পুখুৰী সদৃশ দ দ গাঁতৰ উপৰিও অতি বোকাময় এই পথচোৱা।অতি ব্যস্ততা পূৰ্ণ এই পথৰ ওপৰৰে নিতৌ পাৰ হয় শিল,কয়লাৰ ট্ৰাক,ডাম্পাৰ।শিল,কয়লাৰ পৰাই ৰাজ্য চৰকাৰে লাভ কৰে বৃহৎ পৰিমাণৰ ৰাজহ।কিন্তু ইয়াৰ পিছতো এইদৰে বছৰ বছৰ ধৰি পথচোৱা বিধ্বস্ত।
নাজিৰা শিমলুগুৰিৰ বিহুবৰ অঞ্চলৰ বিখ্যাত শৈলনগৰী বাবে,শৈলনগৰী হৈও বিহুবৰ শিল অন্য প্ৰান্তৰলৈ নি পথ মেৰামতিত ব্যৱহাৰ কৰিছে যদিও বিহুবৰ পথ এইদৰে ভাঙি-ছিঙি,পথৰ ওপৰত পুখুৰী সৃষ্টি হৈ গৈ থাকিল কিন্তু নিৰ্মাণ নহ’ল বছৰ বছৰ ধৰি।ফলত দূৰ্ঘটনাও সংঘটিত হৈ আহিছে এই পথৰ ওপৰত। পুখুৰী সদৃশ গাত,বোকাময় পথ হোৱাৰ ফলত নাহে এম্বুলেঞ্চ ফলত ৰোগী সকলেও দুৰ্ভোগ ভুগিবলগীয়া হয়,বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও এই পথেৰে অহাযোৱা কৰিব নোৱাৰে ভালদৰে,বোকাৰে লুটুৰী পুটুৰী হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল। এই গুৰুত্বপূৰ্ণ পথ দুটা নিৰ্মাণৰ দাবীত আজি পথ অবৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে বীৰ লাচিত সেনাই।
নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপ’ৰ্ট