বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে জনালে ২১ বছৰ পিছত এক ঐতিহাসিক ৰায়দান।
এই ৰায়দানত পূৰ্ণ সন্তুষ্টি প্ৰকাশ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকর্মী ড০ দিব্যজ্যোতি শইকীয়াৰ।
মংগলবাৰে ২১ বছৰৰ পিছত জঘন্য ডাইনী কাণ্ডৰ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান কৰিছে বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে। এই ঐতিহাসিক ৰায়দানকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকর্মী ড০ দিব্যজ্যোতি শইকীয়াই।
বহু পলমকৈ হ’লেও নিৰ্যাতিত নিৰীহ পৰিয়ালটিয়ে ন্যায় লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে ড০ দিব্যজ্যোতি শইকীয়াই।
এক দীৰ্ঘদিনীয়া সংগ্রাম অৰ্থাৎ
২০০৮ বৰ্ষৰ পৰা ডাইনীৰ নামত অত্যাচাৰ তথা হত্যাকাণ্ড ৰোধ কৰাৰ বাবে এখন কঠোৰ আইন প্ৰণয়নৰ বাবে যুঁজ দি আহিছে ড০ শইকীয়াই।
সেয়ে এই ৰায়দানকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকর্মীগৰাকীয়ে ।
অসম চৰকাৰে ২০১৮ বর্ষত “দ্যা আসাম ৱিতস হ্যানটিং পি পি পি এক্ট ২০১৫” নামেৰে এখন কঠোৰ আইন প্ৰণয়ন কৰাৰ ফলস্বৰূপে আজি এটা ঐতিহাসিক ৰায় ন্যায়ালয়ে প্ৰদান কৰা বুলি তেওঁ মন্তব্য প্ৰদান কৰে ।
ড০ দিব্যজ্যোতি শইকীয়াই কয় যে ন্যায়ালয়ে উচিত ৰায় প্ৰদান কৰাৰ ফলত অদূৰ ভৱিষ্যতে এনেধৰণৰ ডাইনীৰ নামত জঘন্য ঘটনা সংঘটিত কৰিবৰ বাবে ন্যস্তস্বাৰ্থজনিত লোকে সাহস নকৰিব। অন্ধবিশ্বাস বিৰোধী নেতা ড০ দিব্যজ্যোতি শইকীয়াই উক্ত আইন সন্দৰ্ভত অধিক প্ৰচাৰ কৰিবৰ বাবে চৰকাৰলৈ আহ্বান জনায়। উল্লেখ্য যে ২১ বছৰ পূৰ্বে বান্দুগুৰী গাঁৱত ডাইনীৰ নামত সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ড।
উল্লেখ্য যে, ডাইনীৰ নামত একেটা পৰিয়ালৰে তিনিজনকৈ লোকক নৃশংসভাৱে হত্যা কৰিছিল ১২ জনকৈ লোকে। ২১ বছৰৰ পিছত এই জঘন্য ঘটনাৰ লগত জড়িত সকলক শাস্তি প্ৰদান কৰে । স্মৰ্তব্য যে, ২১ বছৰ পূৰ্বে ডাইনীৰ নামত একেটা পৰিয়ালৰ গাংগুলী বসুমতাৰী, মালাৰাম বসুমতাৰী আৰু পানীৰাম বসুমতাৰীক হত্যা কৰা হৈছিল।