উপনিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰতীক ছচিয়েল মিডিয়াত প্ৰকাশ

বি টি চি ২২ নং ককিলাবাৰী পৰিষদীয় উপনিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে একত্ৰিত ভাৱে জি এছ পি ,বি জে পি আৰু ইউ পি পি এলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নাম ঘোষনা কৰিছে ৷ ইয়াৰ পাছতে অৱড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত বুলি নিৰ্দলীয় প্ৰাৰ্থী হিৰেন শৰনীয়াই প্ৰচাৰ কৰি নিৰ্বাচনী প্ৰতীক নিৰ্বাচনী আয়োগে ঘোষনা নকৰাতে টৰ্চলাইটৰ বুলি প্ৰচাৰ কৰাত খৰ্গহস্ত হৈছে জি এছ পি ৷ জি এছ পি ৰাজনৈতিক দলটোৰ নিজৰ প্ৰতীক টৰ্চলাইট থকাৰ পাচত নিৰ্দলীয় প্ৰাৰ্থীয়ে কেনেকৈ টৰ্চলাইট প্ৰতীক পোৱা বুলি নিৰ্বাচনী প্ৰচাৰ ছচিয়েল মিডিয়া যোগে কৰি আছে তাক লৈ প্ৰশ্ন কৰে জি এছ পিৰ আৰু অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় নেতৃত্বই ৷
বাক্সা জিলাৰ বৰমাৰ বাস্কা প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি জি এছ পি উপ সভাপতি ঘনশ্যাম দাস আৰু অবড়ো সুৰক্ষা বাক্সা জিলা সমিতিৰ সাধাৰন সম্পাদক আক্কেল আলীয়ে কোনো কাৰনতে নিৰ্দলীয় প্ৰাৰ্থীক টৰ্চলাইট প্ৰতীক হিচাপে নিৰ্বাচনী আয়োগে দিব নোৱাৰিব বুলি মন্তব্য কৰে ৷ যেহেতু বি জে পি ,জি এছ পি আৰু ইউ পি পি এলৰ মিত্ৰযোটৰ প্ৰাৰ্থী মন্টু বড়োক প্ৰক্ষেপ কৰিছে তেনে ক্ষেত্ৰত জি এছ পি য়ে ব্যৱহাৰ কৰা টৰ্চলাইট মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী মন্টু বড়োৰ লগত থাকিব বুলি সংবাদমেল যোগে প্ৰকাশ কৰে ৷যদি নিৰ্দলীয় প্ৰাৰ্থীয়ে টৰ্চলাই প্ৰতীক হিচাপে ব্যৱহাৰ কৰে তেন্তে ভোটাৰ ৰাইজৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি হ’ব বুলি সংবাদমেল যোগে অভিযোগ কৰে জি এছ পিৰ উপসভাপতি ঘনশ্যাম দাস আৰু অবড়ো সুৰক্ষা সমিতিৰ সাধাৰন সম্পাদক আক্কেল আলীয়ে ৷


মুকালমুৱাৰ পৰা ৰিংকু ৰায় চৌধুৰী।

Comments (0)
Add Comment