Daily Time Axom

কামৰূপ জিলাৰ কৰৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ২৯২ নং গোগ প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱৰ সফল সামৰণি

0 21

১৮৭০ চনত খ্ৰীষ্টান মিছনেৰীসকলে স্থাপন কৰা ২৯২ নং গোগ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চাহিৰা বেগমে জানিব দিয়ামতে, গুনোৎসৱৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সমূহীয়া প্ৰাৰ্থনাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক কুইজ আৰু ফঁকৰা-যোজনাৰ অনুশীলন কৰোৱা হয় ৷ গুনোৎসৱ উপলক্ষে বাহ্যিক মূল্যায়ক হিচাবে বিদ্যালয়খনত উপস্থিত থাকে ছিপাঝাৰ বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অপূৰ্ব কুমাৰ দাস ৷ বিদ্যালয়খন স্থাপনৰেপৰা বৰ্তমানলৈ এই বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীয়ে এসময়ত চি চি এফ, জিলা দণ্ডাধীশ হিচাবে কাৰ্যনিৰ্বাহ কৰা বিষয়ে জানিব পাৰি আপ্লুত হোৱা বুলি বক্তব্য কৰে মূল্যায়ক দাসে ৷ তদুপৰি বৰ্তমান সময়তো ২৯২ নং গোগ প্ৰাথমিক বিদ্যালয়ৰ একাংশ প্ৰাক্তন শিক্ষাৰ্থী বৈজ্ঞানিক, অধ্যাপক,বিষয় শিক্ষক চিকিৎসক আৰু সহঃ শিক্ষককে ধৰি অসম চৰকাৰৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহক কৰি থকা বিষয়টোতো মূল্যায়ক গৰাকীয়ে সন্তোষ প্ৰকাশ কৰে ৷ গুনোৎসৱৰ কাৰ্যসূচীত শিক্ষাৰ্থী সকলৰ অভিভাৱকৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আজিজ বড়া ,গাঁওখনৰ সচেতন নাগৰিক মঞ্চৰ সভাপতি আব্দুল গণি চৌধুৰী প্ৰমুখ্যে কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

ইফ্তাজুল হকৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.