Daily Time Axom

জামুগুৰিহাটৰ সমীপৰ জয়সিদ্ধিত মনাই জয়পুৰ যুৱ-সংঘৰ ৪১ তম বাৰ্ষিক অধিৱেশন সম্পন্ন

0 6

চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমীপৰ জয়সিদ্ধি হাইস্কুল প্ৰাঙ্গনত দুদিনীয়া কাৰ্য্যসূচীৰে মনাই জয়পুৰ যুৱক সংঘৰ ৪১ সংখ্যক বাৰ্ষিক অধিবেশন সম্পন্ন হয় । অধিৱেশনখনিৰ মূল সভাৰ সভাপতিৰ আসন অলংকৃত কৰে মনাই জয়সিদ্ধি হাইস্কুলৰ অৱসৰ প্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল নাথে৷ নিদিষ্ট বক্তা হিচাপে অংগ্ৰহণ কৰে অৱসৰ প্ৰাপ্ত শিক্ষক মিন্টু নাথে৷বিশিষ্ট অতিথি হিচাপে অংগ্ৰহণ কৰে বিশ্বনাথ জিলা বড়ো সাহিত্য সভাৰ সহকাৰী সম্পাদক মনিৰাম বসুমতাৰীয়ে ।

মুল সভাখনিত বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে একোটাকৈ গছ পুলি উপহাৰ প্ৰদান কৰে । ইয়াৰ পিচতে বিভিন্ন প্ৰতিযোগিতাৰ স্হান প্ৰাপ্ত সকলক সকলৰ মাজত বঁটা বিতৰন কৰা হয়৷সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত বৰগীত, দিহানাম প্ৰদৰ্শনৰ লগতে মূখ্য আকৰ্ষণ হিচাবে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ দ্বাৰা অভিনীত নাট্যকাৰ নগেন নাথৰ পৰিচালনাত “মহাযুদ্ধৰ সেনাপতি” নাটভাগ মঞ্চষ্ঠ কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.