Daily Time Axom

অন্তৰংগ মুহূৰ্তৰ সময়তে নোহোৱা হ’ল স্মৃতিশক্তি !চিকিৎসালয় পালেগৈ ৬৬ বছৰীয়া ব্যক্তি

0 19

লিমাৰিক বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ৰ নিউৰোল’জী বিভাগৰ জাৰ্নেলত প্ৰকাশিত এক ঘটনা পোহৰলৈ আহিছে।

বিবাহ বাৰ্ষিকীৰ দিনা এজন ৬৬ বছৰীয়া ব্যক্তিয়ে পুৰণি প্ৰেম ধৰি ৰখাৰ বাবে যৌন সম্ভোগ কৰিছিল। কিন্তু ১০ মিনিট যোৱাৰ পিছতে, তেওঁ হঠাতে স্মৃতি শক্তি হেৰুৱাই পেলায়। ঘটনাটো আয়াৰলেণ্ডৰ লিমাৰিকত সংঘটিত হৈছে।

অলপতে লিমাৰিক বিশ্ববিদ্যালয় চিকিৎসালয়ৰ নিউৰোলজী বিভাগে বৈজ্ঞানিক আলোচনী আইৰিছ মেডিকেল জাৰ্নেলত এখন কাকত প্ৰকাশ কৰিছিল। তাতেই ঘটনাটো লিখিছিল। ‘ৰিকাৰেণ্ট পোষ্টকোটেল ট্ৰেন্সিয়েণ্ট এমনেছিয়া এছ’চিয়েটেড উইথ ডিফিউচন ৰেজিষ্টেন্স’ শীৰ্ষক গৱেষণা পত্ৰ অনুসৰি, ব্যক্তিজনৰ স্মৃতি সহবাসৰ প্ৰায় ১০ মিনিট পিছত নাইকিয়া হৈ গৈছিল। কিন্তু এইটো প্ৰথম বাৰৰ বাবে নহয়। গৱেষণা পত্ৰঅনুসৰি, সাত বছৰ আগতেও তেওঁৰ সৈতেও একেই ঘটনা ঘটিছিল!
গৱেষকসকলৰ মতে, সহবাসৰ প্ৰায় দহ মিনিট পিছত মানুহজনে হঠাতে ফোনটোলৈ চালে, ফোনটোৰ তাৰিখ দেখি তেওঁ হতবাক হৈ পৰিল। তেওঁ উপলব্ধি কৰে যে যোৱা দুদিনৰ কোনো ঘটনা তেওঁৰ মনত নাই। অৱশ্যে, মানুহজনৰ আগৰ কোনো স্মৃতিয়ে কোনো বিসংগতি প্ৰদৰ্শন কৰা নাই। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তেওঁ চিকিৎসালয়ত একাধিক পৰীক্ষা কৰাইছিল, কিন্তু চিকিৎসকসকলে কৈছিল যে কোনো পৰীক্ষাত একো অস্বাভাৱিক পোৱা নগ’ল।

Leave A Reply

Your email address will not be published.