Daily Time Axom

চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ নামঘৰলৈ অসমদৰ্শন আঁচনিৰ ২৫লাখ টকা প্ৰদান বিধায়ক পদ্ম হাজৰিকাৰ

0 9

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আজি জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত অসম দৰ্শন আঁচনিৰ জৰিয়তে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ নামঘৰ সমুহ বিজ্ঞানসন্মতভাবে নিৰ্মাণ কৰিবলৈ ১০ টা নামঘৰলৈ আঢ়ৈ লাখ টকাকৈ সৰ্বমুঠ ২৫ লাখ টকাৰ নগদ ধন প্ৰদান কৰে । বিধায়কগৰাকীয়ে কয় যে – “অসম দৰ্শন আঁচনিৰ জৰিয়তে যি সকল ৰাইজে নামঘৰসমুহৰ গৃহ নিৰ্মাণৰ বাবে আবন্টিত ধন লৈছে তেওঁলোকে যেন বিজ্ঞান সন্মতভাবে আটকধুনিয়াকৈ নামঘৰ সমুহৰ গৃহ নিৰ্মাণ কৰি লয়৷ অসমদৰ্শন আচঁনিৰ ধন বিতৰন অনুষ্ঠানটিত নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বিপ কাকতি, নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং, নৱ নিযুক্ত পৌৰপতিৰ লগতে বহুকেইগৰকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.