কংগনা ৰানাৱটৰ ছবি ’ধাকাড’ৰ অষ্টম দিনটোত সংগ্ৰহ মাত্ৰ ৪৪২০ টকা, ২০ টা টিকট বিক্ৰী
কংগনা ৰানাৱট অভিনীত একচন ছবি ধাকাডে মুক্তিৰ পিছত অষ্টম দিনা মাত্ৰ ৪৪২০ টকা সংগ্ৰহ কৰাৰ অভিলেখ গঢ়ে, আৰু সমগ্ৰ দেশতে মাত্ৰ ২০ খন টিকট বিক্ৰী হয় । এই পৰিসংখ্যা বলীউড হাংগামাৰ মতে। ছবিখন যে বিপৰ্যয় সেয়া মুক্তিৰ প্ৰথম দিনাৰ পৰাই স্পষ্ট হৈ পৰিছিল। মুঠতে ধাকাডে প্ৰায় ৩ কোটি টকা উপাৰ্জন কৰিছে, যাৰ ফলত বক্স অফিচত কংগনাৰ দীৰ্ঘদিনীয়া আনডাৰপাৰফৰ্মেন্স অব্যাহত আছে।
ছবিখন নিৰ্মাণ কৰিবলৈ ৮০ কোটিৰ পৰা ৯০ কোটি টকাৰ ভিতৰত খৰচ কৰা বুলি খবৰ আহিছে ৷ এক কথাত বনিউডৰ চিনেমাৰ ইতিহাসত আটাইতকৈ ফ্লপ চিনেমা ৰূপে স্বীকৃত হৈছে কংগনা ৰানাৱটৰ এই চিনেমাখন।

ৰজনীশ ঘাইৰ পৰিচালনাত নিৰ্মিত ধাকাদত অভিনয় কৰিছে অৰ্জুন ৰামপাল, দিব্য দত্ত, আৰু সাস্বতা চেটাৰ্জীয়েও। ধাকাডে মিশ্ৰিত সমালোচনা লাভ কৰিছিল যদিও চিনেমা দৰ্শকে যেন ছবিখনক সম্পূৰ্ণ উপেক্ষা কৰিছে ।