তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অষ্টমটো প্ৰেছ ক্লাব হিচাপে স্বীকৃতি লাভ জাগুন প্ৰেছ ক্লাবৰ
অসম বাৰ্তাজীৱী সংঘৰ অন্তৰ্ভুক্ত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অষ্টমটো প্ৰেছ ক্লাব হিচাপে আজি স্বীকৃতি লাভ কৰে জাগুন প্ৰেছ ক্লাবে । উল্লেখ্য যে শদিয়া, ছৈখোৱা, ডুমডুমা, তিনিচুকীয়া, কাকপথাৰ, ডিগবৈ, মাৰ্ঘেৰিটা এই সাতোটা প্ৰেছ ক্লাবেৰে তিনিচুকীয়া জিলাৰ সাংবাদিকসকলৰ অন্যতম শক্তিশালী মঞ্চ হিচাপে পৰিগণিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাত আজি অন্তৰ্ভুক্ত হয় জাগুন প্ৰেছ ক্লাব । জাগুন খেলপথাৰ প্ৰেক্ষাগৃহত আয়োজিত জাগুন প্ৰেছ ক্লাবৰ প্ৰথম বাৰ্ষিক অধিবেশনে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ক্লাবটো আনুষ্ঠানিকভাৱে জিলা সাংবাদিক সন্থাত অন্তৰ্ভুক্ত হয় । উক্ত সভাত সভাপতিত্ব কৰে জাগুন প্ৰেছ ক্লাবৰ সভাপতি প্ৰাঞ্জল প্ৰতীম ভূঞাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অনিল শৰ্মাই । ক্লাবৰ সহকাৰী সম্পাদক ৰিতুপৰ্ণ ভূঞাই আঁত ধৰা সভাখনত বিশিষ্ট
অতিথি ৰূপত উপস্থিত থাকে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা, সাধাৰণ সমাদক ৰাণাজোতি নেওগ প্ৰাক্তন সভাপতি ড° ঋষি দাস, উপ-সভাপতি কমল তালুকদাৰ, কোষাধ্যক্ষ দিনেশ গোৱেল, প্ৰাক্তন উপ-সভাপতি শান্তনু গোস্বামী সহ সম্পাদক ৰমনি বুঢ়াগোঁহাই ৰাতুল কলিতা কে মুখ্য কৰি সন্থাৰ কেইবাগৰাকীও কৰ্মকৰ্তা । সভাত সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ইতিবৃত্তি, লক্ষ্য-উদ্দেশ্য, সংবিধান, সদস্য পদ গ্ৰহণৰ নিয়মাৱলী ইত্যাদি সন্দৰ্ভত চমু বিৱৰণ দাঙি ধৰে । শুভেচ্ছামূলক বক্তব্য ৰাখে সভাপতি অনুজ কলিতাই । ড° ঋষি দাসে ৰাইজৰ পক্ষত থাকি নিষ্ঠা আৰু সততাৰে সংবাদ সেৱাত ব্ৰতী হ’বলৈ জাগুন প্ৰেছ ক্লাবৰ সাংবাদিকসকললৈ আহ্বান জনায় । সভাত কমল তালুকদাৰ আৰু জাগুন প্ৰেছ ক্লাবৰ উপদেষ্টা নং য়াংকুপেও বক্তব্য ৰাখে । জাগুন প্ৰেছ ক্লাবৰ সদস্যসকলক চিনাকী-পৰ্ব আগবঢ়োৱাৰ অন্তত জিলা সভাপতিয়ে ক্লাবৰ সভাপতিক এখন ফুলাম গামোচাৰে বাৰণ কৰি সন্থালৈ আদৰণি জনায় । জাগুন প্ৰেছ ক্লাবৰ ২০২২ -২৪ বৰ্ষৰ সমিতিখন হ’ল ক্ৰমে উপদেষ্ট্ৰা নং য়ংকুক বৰুণ ৰায় চৌধুৰী সভাপতি প্ৰাঞ্জল প্ৰতিম ভূঞা উপ- সভাপতিসুজিৎ হাতীবৰুৱা সাধাৰণ সম্পাদক অনিল শৰ্মা সহঃ সম্পাদক ঋতু পৰ্ণ ভূঞা কোষাধ্যক্ষ শ্যাম যাদৱ
সাংগঠনিক সম্পাদক দীপক দাস, গৌতম গগৈ মুখপত্ৰ সম্পাদক সঞ্জীৱ ছেত্ৰীৰ।
মাৰ্ঘেৰিটা পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট