ভাং খাইছিল শ্বাহৰুখ পূত্ৰই, এনচিবিৰ অভিযোগপত্ৰত উল্লেখ

২০১৮ চনত শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খান আমেৰিকাত পঢ়িবলৈ গৈছিল। নতুন পৰিৱেশ। সেয়ে পৰিয়াল আৰু বন্ধুবৰ্গক এৰি ৰাতি শুব পৰা নাছিল। সেয়েহে তেওঁ গাঁজা সংগ্ৰহ কৰিছিল। আৰয়ানৰ বন্ধু আচিতে স্থানীয় যোগানকৰ্তাৰ পৰা গাঞ্জা আনিছিল। অৱশ্যে, আৰয়ানে কেতিয়াও যোগানকৰ্তাক দেখা নাছিল। কেন্দ্ৰীয় নাৰ্কোটিক্স ৰেগুলেটৰী এজেন্সিৰ (এনচিবি) অভিযোগপত্ৰত শ্বাহৰুখ পূত্ৰই এই কথা উল্লেখ কৰিছে ।

আৰয়ানে কৈছে যে যদি তেওঁৰ টোপনি নাহে তেন্তে এই পদ্ধতি গ্ৰহণ কৰে । অভিনেত্ৰী অনন্যা পাণ্ডেৰ সৈতে আৰয়ানৰ হোৱাটছএপৰ কথোপকথনো প্ৰকাশ পাইছে। ‘কিং’ পুত্ৰই নিজেই জেৰাৰ সন্মুখীন হৈ স্বীকাৰ কৰিছিল যে তেওঁ অনন্যাক কৈছিল যে তেওঁ টোপনিৰ বাবে গাঁজা খায় । আনহাতে, যেতিয়া এনচিবি তদন্তৰ সময়ত অনন্যাক সোধা-পোছা কৰা হৈছিল, তেতিয়া তেওঁ স্পষ্টভাৱে এই কথা এৰাই চলিছিল।

Comments (0)
Add Comment