Daily Time Axom

বেজেৰা বৰবংশৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ৮৫০০ গৰাকী হিতাধিকাৰীক চেক বিতৰণ

0 9


সময় উকলি যোৱা চেকো গ্ৰহণ কৰিব বেংকে

অসম মাইক্ৰফাইনেন্স উদ্গনি আৰু ৰেহাই আঁচনি ২০২১ ৰ ক্ষীপ্ৰ আদায়কাৰী শিতানৰ অধীনত সোমবাৰে বেজেৰা বৰবংশৰ ৰাজহুৱা প্ৰেক্ষাগৃহত হিতাধিকাৰীক চেক বিতৰণ কৰা হয় ৷ অসম চৰকাৰৰ বিত্ত বিভাগ,কামৰূপ জিলা প্ৰশাসন আৰু বেজেৰা উন্নয়ন খণ্ডৰ উদ্যোগত আয়োজিত হিতাধিকাৰীক চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে নিজৰ বক্তব্যত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি দায়িত্ব পালন কৰা বুলি উল্লেখ কৰি হিতাধিকাৰী সকলে লাভ কৰা ধনৰাশি টিভি, ফ্ৰিজ নিকিনি ব্ৰয়লাৰ ফাৰ্ম আৰু গৰু বা গাহৰি ফাৰ্মত বিনিয়োগ কৰিবলৈ আহ্বান জনায় ৷ অন্যথা চৰকাৰৰ উদ্দেশ্য সফল নহব বুলিও হেমন্ত চৌধুৰীয়ে নিজৰ মন্তব্যত প্ৰকাশ কৰে ৷ আনহাতে কামৰূপ জিলা উন্নয়ন আয়ুক্ত নৰসিং বেই নিজৰ ভাষণত সময় উকলি যোৱা চেকো বেংকে গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ৷ সেয়ে চেক লাভ কৰা হিতাধিকাৰীৰ ভিতৰত কাৰোবাৰ চেকৰ সময়সীমা উকলি গলেও চিন্তা কৰিবলগীয়া নাই বুলি তেওঁ অৱগত কৰে ৷

বেজেৰাৰ পৰা ইফ্তাজুল হকৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.