৪.৮১ কোটি টকাৰ হাৱালা লেনদেনৰ সৈতে জড়িত গোচৰত ইডিৰ দ্বাৰা গ্ৰেপ্তাৰ দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দৰ জৈন।
ডেইলী টাইম অসম ডেস্কঃ হাৱালা যোগে ধন সৰবৰাহৰ গোচৰত সোমবাৰে এনফৰ্চমেন্ট সঞ্চালকালয়ে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দৰ কুমাৰ জৈনক গ্ৰেপ্তাৰ কৰিছে ।
এই কেন্দ্ৰীয় সংস্থাটোৱে চলিত বৰ্ষৰ এপ্ৰিল মাহত আম আদমী পাৰ্টীৰ মন্ত্ৰী সত্যেন্দৰ কুমাৰ জৈনৰ সৈতে জড়িত ৪.৮১ কোটি টকাৰ সম্পত্তি সাময়িকভাৱে গোচৰত চামিল কৰিছিল। তেতিয়াই প্ৰায় স্পষ্ট হৈ পৰিছিল যে, হয়তো শীঘ্ৰেই ই ডিয়ে গ্ৰেপ্তাৰ কৰিব সত্যেন্দ্ৰ কুমাৰ জৈনক ৷
কেন্দ্ৰীয় সংস্থাটোৱে মেছাৰ্ছ আকিনচান ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেডৰ স্থাৱৰ সম্পত্তিৰ তদন্ত আৰম্ভ কৰিছে।
ইডিয়ে দাবী কৰিছে যে তেওঁলোকৰ তদন্তত ধৰা পৰিছে যে, ২০১৫-১৬ চনৰ সময়ছোৱাত, যেতিয়া সত্যেন্দৰ কুমাৰ জৈন এজন ৰাজহুৱা কৰ্মচাৰী আছিল, তেতিয়া পূৰ্বতে উল্লেখ কৰা কোম্পানীসমূহে “তেওঁৰ দ্বাৰা লাভজনক মালিকানাধীন আৰু নিয়ন্ত্ৰিত” কোম্পানীসমূহে শ্বেল কোম্পানীসমূহৰ পৰা ৪.৮১ কোটি টকাৰ লেনদেন কৰিছিল হাৱালা ৰুটৰ জৰিয়তে ৷ কলকাতা ভিত্তিক এণ্ট্ৰি অপাৰেটৰলৈ হস্তান্তৰ কৰা নগদ ধনৰ বিৰুদ্ধে এই অভিযান বুলি মঙলবাৰে সংস্থাটোৱে এক বিবৃতিত প্ৰকাশ কৰিছে।
আনহাতে, হিমাচল প্ৰদেশৰ নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ আশংকাত ‘ভুৱা’ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে সত্যেন্দৰ জৈনক ৷ এই অভিযোগ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিছ’দিয়াৰ ৷