গুৱাহাটীত দ্য এছ’চিয়েশ্যন অৱ আৰ্কিটেক্টছ, অসমৰ সৈতে সহযোগিতাৰে এক বঁটা প্ৰদান কাৰ্যসূচীৰ আয়োজন
বিল্ডাৰ আৰু স্থপতিবিদসকলক সন্মান জনোৱাৰ উদ্দেশ্যেৰে হাফেলে গুৱাহাটীত দ্য এছ’চিয়েশ্যন অৱ আৰ্কিটেক্টছ, অসমৰ সৈতে সহযোগিতাৰে এক বঁটা প্ৰদান কাৰ্যসূচী আয়োজন কৰে। এই অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে ভাৰত চৰকাৰৰ স্থাপত্য পৰিষদৰ সভাপতি স্থাপত্যবিদ হাবীব খান,
স্থাপত্যবিদ প্ৰকাশ শাণ্ডিল্য, আৰু স্থাপত্যবিদ অমিতাভ শৰ্মা আদিকে ধৰি বহু বিশিষ্ট লোক। অনুষ্ঠানৰ আৰম্ভণিতে সন্মানীয় অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়, তাৰ পিছত হাফেলৰ দক্ষিণ এছিয়াৰ পৰিচালন সঞ্চালক জুৰ্গেন উলফে ভাষণ আগবঢ়াই। ইয়াৰ পিছতে এক কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা প্ৰদান কৰা হয় । উল্লেখযোগ্য যে একাধিক ডিজাইনাৰ আৰু স্থাপত্যবিদৰ ক্ষেত্ৰখনত কৰা উল্লেখযোগ্য কামৰ বাবে বঁটা প্ৰদান কৰা হয়। ডিজাইনাৰ গিল্ডৰ স্থাপত্যবিদ দেৱাশিশ চক্ৰৱৰ্তী, ক্লিন শ্লেট ডিজাইনৰ স্থাপত্যবিদ মানস ৰাজকুমাৰ আৰু আৰতি ঠাক্কৰ, এবিডিএছৰ স্থাপত্যবিদ অৰবিন্দ বাৱৰী, ড্ৰিম স্পেচৰ স্থাপত্যবিদ কৌশিক দাস, আভাণ্ট-গাৰ্ডেৰ স্থাপত্যবিদ সুমীত বাগ্ৰী আৰু মমতা বগ্ৰী, বাংকা এণ্ড এছ’চিয়েটছৰ স্থাপত্যবিদ সন্তোষ বাংকা। উল্লেখ্য যে বৃত্তিটোৰ সম্ভাৱনা, মৰ্যাদা আৰু নৈতিকতা উন্নত কৰাৰ লগতে স্থাপত্যত জনচেতনা অনাৰ লক্ষ্য ৰাখিছে এছ’চিয়েশ্যন অৱ আৰ্কিটেক্টছ আছামে। ১৯৮১ চনত প্ৰতিষ্ঠা হোৱাৰ পৰাই দ্য এছ’চিয়েশ্যন অৱ আৰ্কিটেক্টছ, অসম (AAA) কৰ্মশালা, আলোচনা চক্ৰ, প্ৰদৰ্শনীৰ ব্যৱস্থা আৰু অংশগ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈ আহিছে আৰু সমাজৰ সকলো সংশ্লিষ্ট শ্ৰেণীলৈ ক্ষেত্ৰখনৰ তথ্য, ধাৰা আৰু প্ৰযুক্তিগত উন্নতি প্ৰদানৰ দিশত নিৰ্দেশিত।