Daily Time Axom

প্ৰেমিকৰ সৈতে বিয়াত বহিবলৈ সাঁতুৰি ভাৰত পালেহি বাংলাদেশী যুৱতী

0 14

ভাৰতৰ প্ৰেমিকক বিয়া কৰাবলৈ সীমান্ত পাৰ হৈ সাঁতুৰি ভাৰত পালেহি এগৰাকী ২২ বছৰীয়া বাংলাদেশী যুৱতীয়ে । সুন্দৰবনৰ বিপদজনক অৰণ্যত সাহসৰে এঘণ্টা সাঁতুৰি প্ৰেমাস্পদৰ সৈতে এক হ’বলৈ ভাৰতত প্ৰৱেশ কৰে।

কৃষ্ণা মণ্ডল নামৰ বাংলাদেশী যুৱতীগৰাকীয়ে ফেচবুকত অভিক মণ্ডলক লগ পাই প্ৰেমত পৰে। যিহেতু কৃষ্ণাৰ কোনো পাছপ’ৰ্ট নাছিল, সেয়েহে তাই অবৈধভাৱে সীমান্ত পাৰ হোৱাৰ পথকে বাছি লৈছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি কৃষ্ণাই প্ৰথমে ৰয়েল বেংগল টাইগাৰৰ বাবে পৰিচিত সুন্দৰবনত প্ৰৱেশ কৰিছিল। তাৰ পিছত তাই নদীত প্ৰায় এঘণ্টা সময় সাঁতুৰি গন্তব্যস্থানত উপনীত হ’ল।

ইয়াৰ পিছত কি হ’ল?
তিনিদিন পূৰ্বে কলকাতাৰ কালিঘাট মন্দিৰত অভিকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কৃষ্ণই। অৱশ্যে সোমবাৰে অবৈধভাৱে দেশত প্ৰৱেশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় ছাত্ৰীগৰাকীক।

কৃষ্ণক বাংলাদেশ উচ্চায়ুক্তক গতাই দিয়া হয়, যদিও পিছত বাংলাদেশলৈ পঠিয়াই দিয়া হয় ।

চলিত বৰ্ষৰ আৰম্ভণিতে এগৰাকী বাংলাদেশী কিশোৰে সাঁতুৰি সীমান্ত পাৰ হৈ ভাৰতৰ পৰা চকলেট ক্ৰয় কৰিবলৈ আহিছিল।

ইমান হোছেইন নামৰ কিশোৰটোৱে সাঁতুৰি এখন সৰু নদী পাৰ হৈ বেৰৰ ফাঁক এটাৰে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰি নিজৰ প্ৰিয় চকলেট বাৰটো পালে। স্থানীয় আৰক্ষীক গতাই দিয়া হয় কিশোৰজনক, তাৰ পিছত তেওঁক আদালতত হাজিৰ কৰা হয়। ইয়াৰ পিছতে তেওঁক ১৫ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.