জামুগুৰিহাটৰ ঠাকুৰবাৰীত ৰথ যাত্ৰাৰ লগতে প্ৰতিমা প্ৰতিষ্ঠা

হাজাৰ হাজাৰ ভক্তৰ লানি নিচিগা ভিৰ ।

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঠাকুৰবাৰীস্থিত শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰাঙ্গনত ১১ দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰে শ্ৰীমদ ভাগৱত জ্ঞান যজ্ঞ আৰু অখণ্ড হৰিনাম কীৰ্তন । সেই উদ্দেশ্যে বৃহস্পতিবাৰে ৰথ যাত্ৰাৰ লগতে প্ৰতিমা বিগ্ৰহ স্থাপন তথা প্ৰতিষ্ঠা দিৱস বহু উলহ মালহৰে সম্পন্ন হয় । উক্ত ৰথ যাত্ৰা অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তৰ লানি নিচিগা ভিৰ দেখা যায় । ঠাকুৰবাৰী লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰাঙ্গনৰ পৰা পুৱাই ৰথ যাত্ৰা শুভাৰাম্ভ কৰি মৰিসুঁতি, মঙলবৰীয়া, বাটমাৰী, ৰঙাচকুৱা, চাৰিপুখুৰী, গড়বিল হৈ পুনৰ মন্দিৰ প্ৰাঙ্গনত ৰথ যাত্ৰা সমাপ্ত কৰে । ৰথ যাত্ৰাৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে মৰিসুঁতি টম টম এচছিয়েচনৰ উদ্যোগত সম্পূৰ্ণ বিনামুলীয়াকৈ প্ৰায় ৩০ খনৰো অধিক টম টমৰ যোগাৰ দিয়ে । ১১ দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰ ভিতৰত নন্দোৎসৱ, ৰাসলীলা , লক্ষাধিক বন্তি প্ৰজ্বলন অন্যতম বুলি জানিবলৈ দিয়ে সভাপতি খৰ্গ বাহাদুৰ ছেত্ৰী, সম্পাদক ভাস্কৰ ভট্টৰাই, ৰাজু ভট্টৰাইৰ লগতে সমুহ উদযাপন সমিতিয়ে ।

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।

Comments (0)
Add Comment