ৰাছিয়াৰ সৈন্যই ২৪ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰিছিল। যুদ্ধ অব্যাহত আছে।
যুদ্ধৰ ১০০ দিন উপলক্ষে এক বিবৃতিত ৰাষ্ট্ৰসংঘই কয় যে ৰাছিয়া বা ইউক্ৰেইন কোনোৱেই যুদ্ধত জয়ী নহয়।
ই কেৱল মানুহৰ জীৱনৰ ক্ষতি কৰিব।
বিবৃতিটো ৰাষ্ট্ৰসংঘৰ দ্বাৰা শুক্ৰবাৰে (৩ মে) জাৰী কৰা হৈছে।
ইউক্ৰেইনৰ বাবে ৰাষ্ট্ৰসংঘৰ সংকট সমন্বয়ক আমিন আৱাদে এক বিবৃতিত কয় যে যুদ্ধত কোনো বিজয়ী নাই আৰু কোনো বিজয়ী নহ’বও। ইয়াৰ পৰিৱৰ্তে, আমি ১০০ দিনৰ বাবে জীৱন, ঘৰ, চাকৰি আৰু সম্ভাৱনা হেৰুওৱা দেখিছোঁ।
বিবৃতিটোত আমিন আৱাদে লগতে কয় যে এই যুদ্ধ জনসাধাৰণৰ ওপৰত এক অগ্ৰহণযোগ্য বোজা হৈ পৰিছে। নাগৰিক জীৱনৰ সকলো দিশ গ্ৰাস কৰিছে। আমি চহৰ আৰু গাওঁবোৰত ধ্বংস দেখিআছো। বিদ্যালয়, চিকিৎসালয় আৰু আশ্ৰয়সমূহো ধ্বংস কৰা হৈছিল।
ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ইউক্ৰেইনত এক বিশেষ সামৰিক অভিযান আৰম্ভ কৰিছিল। শেহতীয়াকৈ, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে লাক্সেমবাৰ্গৰ সাংসদসকলক কয় যে তেওঁৰ দেশৰ প্ৰায় ২০ শতাংশ অঞ্চল এতিয়া ৰাছিয়াৰ হাতত আছে।