Daily Time Axom

তেজপুৰৰ ৬ গৰাকী প্ৰবীন খেলুৱৈৰ বৃহৎ সফলতা

0 48

ৰাষ্ট্ৰীয় পৰ্য্যায়ত গল্ড, চিলভাৰ, ব্ৰঞ্জৰ পদক লাভ ।

যোৱা ১৮ মেৰ পৰা ২১ মে’ লৈকে কেৰেলাস্থিত ট্ৰিবাণ্ড পুৰমত অনুষ্ঠিত হৈ যোৱা 4th National Masters Game ত শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰৰ ক্ৰমে ৰূপমনি পটঙ্গীয়াই হামাৰ থ্ৰত সোণৰ পদক, মামু বায়নে হামাৰ থ্ৰত চিলভাৰ আৰু ট্ৰিপোল জাম্পত ব্ৰঞ্জৰ পদক, অঞ্জনা মহন্ত গগৈয়ে হামাৰ থ্ৰত ব্ৰঞ্জৰ পদক, তুলিকা বৰাই চাৰিশ মিটাৰ দৌৰত সোণৰ দুশ মিটাৰ দৌৰত চিলভাৰ আৰু ষোল্লষ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক, গিতাৰাণী ৰুহি দাসে ট্ৰিপোল জাম্পত ব্ৰঞ্জৰ পদক, ৰূপালী বৰাই ডিচকাচ থ্ৰত সোণৰ পদক আৰু জেবলিং থ্ৰত চিলভাৰ পদক অৰ্জন কৰি ছয় গৰাকী প্ৰবীন খেলুৱৈয়ে তেজপুৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । কৰ্মজীৱন তথা ঘৰুৱা দ্বায়িত্ব পালনৰ সমান্তৰালভাৱে ক্ৰীয়া ক্ষেত্ৰখনৰে দীৰ্ঘকাল জড়িত হৈ আছে এই সকল প্ৰবীণ খেলুৱৈ । শৈশৱৰে পৰাই বিভিন্ন ক্ৰীয়াৰ সৈতে জড়িত থকা এই সকল প্ৰবীণ খেলুৱৈয়ে বিভিন্ন ৰাষ্ট্ৰীয় মঞ্চত বহুকেইটা বঁটাও পাবলৈ সক্ষম হৈ তেওঁলোকে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে । ছয় গৰাকী প্ৰবীণ খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ত বহুকেইটা পদক অৰ্জনৰে উষানগৰী তেজপুৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনাত বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে শৈক্ষিকমহলে ভূয়সী প্ৰশংসা কৰে ।

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.