Daily Time Axom

দৰঙৰ ৰেচম বিভাগৰ পলু পালন গৃহৰ আৱন্তিত ধন নোপোৱাৰ অভিযোগ

0 9

দৰং জিলাৰ ছিপাঝাৰৰ সমষ্টিৰ খাচ দিপীলা গাৱৰ গীতু কলিতা নামৰ এগৰাকী মহিলাই ১০১৬-১৭ চনতে ৰেচন পাম বিভাগৰ পৰা পলু পালন কৰিবলৈ এটি গৃহ লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু সেই গৃহতো যোৱা চাৰি বছৰে সম্পূৰ্ণ হৈ নুঠাত ৰেছন পাম বিভাগৰ বিষয়া আমোলাই গীতু কলিতাৰ নামত অহা ধন হৰলুকী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গীতু কলিতা আৰু তেওৰ স্বামী ৰমেশ কলিতাই । পতি পত্নী য়ে অভিযোগ কৰা মতে দৰং জিলা ৰেচম বিভাগে তেওঁলোকৰ নামত আৱন্টন হোৱা গৃহটো নিজৰ ধনেৰে আৰম্ভণি কৰিবলৈ দি পিছত বেংক একাউণ্টত আৱন্তিত ধন সোমাই দিয়া হ’ব বুলি কৈছিল ।পিচত নিজৰ গাঁঠিৰ ধন ভাঙি গৃহটো সজালে যদিও একাউন্টত ধনহে নোসোমাল । এটা বছৰ অতিক্ৰম কৰাৰ পিচটো পাবলগীয়া ধন একাউন্টত নোসোমোৱাত গীতু কলিতা আৰু স্বামী ৰমেন কলিতা ই ৰেচম বিভাগৰ উচ্চ পদস্থ বিষয়াক অভিযোগ দিয়াৰ পিচত বিভাগৰ ফালৰ পৰা গৃহটো পৰ্যবেক্ষন কৰি আধৰুৱা গৃহটো সম্পূৰ্ণ কৰাৰ আস্ৰাস প্ৰদান কৰিছিল । কিন্তু এই পৰ্যন্ত আধৰুৱা গৃহটো সম্পূৰ্ণ কৰিবলৈ বিভাগৰ পৰা পাবলগীয়া ধন নোপোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে স্বামী স্ত্ৰী য়ে ।

তেওঁ লোকে এতিয়া আধৰুৱা গৃহটো সম্পূৰ্ণ কৰিবলৈ ৰেচম বিভাগৰ লগতে মুখ্যমন্ত্ৰী ৰো হস্তক্ষেপ বিচাৰিছে বিষয়টোৰ ওপৰত ।

খৈৰাবাৰীৰ পৰা সূদশন কলিতা

Leave A Reply

Your email address will not be published.