শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলা যোগী সন্মিলনীৰ চতুৰ্দশ দ্বি-বাৰ্ষিক অধিবেশনখন নটুৱা গাওঁ আঞ্চলিক যোগী সন্মিলনীৰ আতিথ্যত নটুৱা গাওঁ ৰাস মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰাৰ অন্তত ১০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিনিধি সভা খনত পৰ্যবেক্ষক হিচাপে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উপ সভাপতি ঘনশ্যাম নাথ,কোষাধ্যক্ষ হীৰালাল হাজৰিকাই অংশগ্ৰহণ কৰে। প্ৰতিনিধি সভাত মৰিগাঁও জিলাৰ বিভিন্ন আঞ্চলিকৰ পৰা প্ৰায় দুই শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত অসমৰ সমাজ জীৱনত যোগী জাতিৰ অৱদান শীৰ্ষক আলোচ্য বিষয়ত আলোচক হিচাপে সাহিত্যিক তথা মৰিগাঁও উচ্চতৰ মাধ্যমিক ও বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পোনাৰাম নাথ,সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
কৃষ্ণ কুমাৰ নাথৰ ৰিৰ্পট, মৰিগাঁও।