Daily Time Axom

আজি বিশ্ব পৰিবেশ দিৱস

0 39

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে(UNED) ১৯৭২ চনৰ ৫-১৬ জুনলৈকে অনুষ্ঠিত মানৱ পৰিৱেশ(Human Environment) সন্মিলনত আৰম্ভ কৰিছিল।

৫ জুনৰ দিনটো ১৯৭৩ চনৰ পৰাই ‘বিশ্ব পৰিৱেশ দিৱস’ হিচাপে পালন কৰি অহা হৈছে। মানুহৰ জীৱনত সেউজীয়া পৰিবেশ তথা স্বাস্থ্য সন্মত পৰিৱেশৰ ওপৰত গুৰুত্ব সম্পৰ্কে বিশ্বজুৰি সজাগতা সৃষ্টি কৰা এই হ’ল এই দিৱসৰ মূল লক্ষ্য। পৰিৱেশ-অনুকূল ইতিবাচক কাম-কাজৰ জৰিয়তে সৃষ্টি হোৱা পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি, সমাজৰ প্ৰতিজন লোকেই যে তেওঁৰ পৰিৱেশ সংৰক্ষণ কৰাটো দায়বদ্ধ, এই কামৰ বাবে কোনো বিশেষ ব্যক্তি বা অনুষ্ঠানৰ মুখলৈ আমি চাই থকা উচিত নহয়- সেই ধৰণৰ সজাগতা সমগ্ৰ বিশ্বৰ সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাটো এই দিৱসৰ অন্যতম লক্ষ্য।

১৯৪৭ চনৰ পৰা বিশ্বৰ বিভিন্ন দেশৰ মহানগৰবোৰত এই পৰিৱেশ দিৱস উদযাপন কৰিবলৈ লোৱা হয়।

Leave A Reply

Your email address will not be published.