জামুগুৰিহাটৰ হোলাকানত নতুনকৈ সংযোজন হ’ল উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান
শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাকোলা মাজগাঁওৰ হোলাকানত আজিৰপৰা মুকলি হ’ল এখনি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান৷অঞ্চলটোৰ কেইগৰাকীমান শিক্ষিত ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি উঠা নদুৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন আজিৰপৰা অঞ্চলটোৰ শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত নতুনকৈ এটি নাম সংযোজন হ’ল৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৰঙা আনুষ্ঠানিকভাৱে মুকলি কৰে উচ্চ শিক্ষাৰ এই প্ৰতিষ্ঠানটিক৷অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত মুকলি কৰা বিদ্যালয়খনিত নতুন শিক্ষানীতিৰ আধাৰত নৱম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈকে অভিজ্ঞ শিক্ষকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক পাঠদান কৰোৱাৰ উপৰিও বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত দিনৰ লক্ষ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ডাক্তৰ,ইঞ্জিনিয়াৰ,প্ৰশাসনিক বিষয়া আদিৰ ওপৰতো শিক্ষাদান কৰাৰ লগতে অনলাইন ডিজিটেল ক্লাচৰো ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই৷৷
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।