ৰাস্তাৰ ফলকৰ নামত গান্ধীৰ হত্যাকাৰী গডচেৰ নাম !
ৰাস্তাৰ কাষত থকা এখন হালধীয়া ফলকত, ক’লা কান্নড়া ভাষাত লিখা আছে, ‘পাদুগিৰি নাথুৰাম গডছে ৰোড’। বিজেপি শাসিত কৰ্ণাটকৰ উডুপি জিলাৰ এটা গ্ৰাম্য পথ মহাত্মা গান্ধীৰ হত্যাকাৰীৰ নামেৰে নামাকৰণ কৰা হৈছে বুলি অভিযোগ উঠিছে। ফলকখন আঁতৰোৱাৰ উপৰিও স্থানীয় আৰক্ষী থানাত আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে। বোলা গাঁও পঞ্চায়ত কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, পথটোৰ নাম পঞ্চায়তখনে প্ৰকাশ কৰা নাই। একেটা দাবী স্থানীয় বিজেপিৰ বিধায়ক সুনীল কুমাৰেও। বোলা গাঁও পঞ্চায়ত উন্নয়ন বিষয়া ৰাজেন্দ্ৰ কুমাৰে কয় যে পঞ্চায়ত সভাত পথটোৰ নাম গডচেৰ নামেৰে ৰখা সন্দৰ্ভত কোনো আলোচনা হোৱা নাছিল। হিন্দুত্ববাদী শিবিৰে সাম্প্ৰতিক সময়ত গডছেক পূজা কৰাৰ কেইবাটাও অভিযোগ উত্থাপন হৈছে। যোৱা বছৰ গান্ধী জয়ন্তীৰ দিনা ‘নাথুৰাম গডছে জিন্দাবাদ’ বিষয়টো টুইটাৰত ৰাজনৈতিক আলোচনাত সৰ্বাধিক চৰ্চিত বিষয় হৈ পৰিছিল। উত্তৰাখণ্ড আৰু ছত্তীশগড়ত ধৰ্মগুৰু কালিচৰণ মহাৰাজে ৰাজহুৱাভাৱে গান্ধীক তীব্ৰ সমালোচনা কৰি কয় যে, “নাথুৰাম গডছেই গান্ধীক হত্যা কৰি প্ৰকৃত দেশপ্ৰেমমূলক কাম কৰিছে! “