৯ বছৰৰ পিছত বিবাহ বিচ্ছেদ কৰি পত্নীক নতুন সংগী বিচাৰি দিলে প্ৰাক্তন স্বামীয়ে নিজে
বিয়া ভাঙিলেও বন্ধুত্ব শেষ নহয় । এইবাৰ আমেৰিকাৰ কেলিফৰ্ণিয়াত বিবাহ আৰু বিবাহ বিচ্ছেদৰ সম্পূৰ্ণ বেলেগ ছবি দেখা গৈছে । বিবাহৰ প্ৰায় ৯ বছৰ পিছত বিবাহ বিচ্ছেদ, কিন্তু সম্পৰ্ক ভাঙি যোৱাৰ পিছতো বন্ধুত্ব যে ভাঙি নাযায় সেয়া দেখুৱাইছে সকলোকে । প্ৰাক্তন স্বামীয়ে নিজেই পত্নীক নতুন সংগী বিচাৰি উলিওৱাত সহায় কৰিছিল।
মেলানি মৰ্টন আৰু এ জেই ২০১৩ চনত বিবাহপাশত আবদ্ধ হৈছিল। প্ৰথম অৱস্থাত সকলো ঠিকেই চলি আছিল। তেওঁলোকৰ দুটা সন্তানো আছে। কিন্তু যোৱা কেইবছৰমানৰ পৰা মেলানিয়ে নিজৰ লিংগ পৰিচয় আৰু যৌনতাৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰিলে। মেলানিয়ে উপলব্ধি কৰে যে তাই উভয়লিংগী। প্ৰথমতে তাই একো ক’বলৈ অনিচ্ছুক আছিল যদিও শেষত তাই স্বামী এ জেক ক’লে। তেওঁৰ পত্নীও নাৰীৰ প্ৰতি আকৰ্ষিত বুলি জানি এজে তাইৰ কাষত থিয় দিলে। নিজেই তেওঁৰ পছন্দৰ সংগী বিছাৰি দিয়ে। স্বামীৰ দ্বাৰা উৎসাহিত হৈ অৱশেষত মেলানীয়ে ডেটিং ৱেবছাইটত নিজৰ পছন্দৰ মহিলাগৰাকীক বিচাৰি পায়। নাম, জেকী অলছন। মেলানীয়ে কয় যে তিনিওজনৰ মাজত বুজাবুজিৰ অভাৱ নাই। অৱশ্যে এজে ব্যক্তিগতভাৱে বহুবিবাহক বিশ্বাস নকৰে। গতিকে জেকী আৰু এ জে মাথোঁ বন্ধু। মেলানীয়ে কয় যে তেওঁৰ আঠ আৰু ছয় বছৰীয়া দুটা সন্তানেও এই বিষয়টোক আদৰণি জনাইছে।