Daily Time Axom

ইউক্ৰেইনত সাংবাদিকসহ ৬০০ লোকক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৰাছিয়াই

0 14

ৰাছিয়াই সাংবাদিক আৰু সমাজকৰ্মীকে ধৰি প্ৰায় ৬০০ সাধাৰণ নাগৰিকক ইউক্ৰেইনৰ পূব প্ৰান্তৰ খেৰছন চহৰত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। এই তথ্য প্ৰদান কৰিছে ক্ৰিমিয়াত থকা ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত তামিল তাচেভাই। তেওঁলোকক অমানৱীয়ভাবে বন্দী কৰি ৰখা লগতে বহু নিৰ্যাতন চলোৱা হৈছে বুলি তাছেভাৰ লগতে প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। খেৰচনৰ পৰা ক্ৰিমিয়ালৈ বলপূৰ্বকভাৱে বিতাড়িত কৰা হৈছে একাংশ লোকক। তেওঁলোকক যুদ্ধবন্দী হিচাপে ৰখা হৈছে। মাৰিঅ’প’লৰ পৰা ওলাই অহাৰ সময়ত একাংশ লোকক আটক কৰি ছিমফেৰ’পল ৰিমাণ্ড চেণ্টাৰলৈ লৈ যোৱা বুলিও তেওঁ অভিযোগ কৰে। মাৰিঅ’প’ল আৰু খেৰছনৰ ওপৰত ৰাছিয়াই নিজৰ নিয়ন্ত্ৰণ ৰাখিছে । সমগ্ৰ দেশতে ৰাছিয়াৰ বিমান আক্ৰমণত নিহত হৈছে হাজাৰ হাজাৰ লোক। কিয়েভেও দাবী কৰিছে যে বহু শিশুক বলপূৰ্বকভাৱে ৰাছিয়ালৈ স্থানান্তৰ কৰা হৈছে। ইউক্ৰেইনৰ মতে, ৰাছিয়ান সেনাই ইউক্ৰেইনৰ বহু চহৰ-গাঁৱত নিৰীহ সাধাৰণ নাগৰিককো হত্যা কৰিছে।

Leave A Reply

Your email address will not be published.