চিৰাঙত আৰম্ভ হ’ল মিছন ‘সৗদাংনাই’
চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ভুমি সংৰক্ষণ, আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী তথা জিলাৰ অভিভাৱক মন্ত্রী উৰ্খাও গৗৰা ব্ৰহ্মই চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মিছন ‘সৗদাংনাই’ ৰ শুভ উদ্বোধন কৰে। এই আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ বাবে অযোগ্য পৰিয়ালসমূহৰ পৰা ৰেচন কাৰ্ড সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। অনুষ্ঠানত জিলাখনৰ মুঠ ৭৭৩ টা পৰিয়ালৰ ১০ টা পৰিয়ালে সহ- ইচ্ছাই আনুষ্ঠানিকভাৱে মন্ত্ৰীৰ হাতত তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ ঘুৰাই দিয়ে। এই একে সভাতে সম্পৰ্কৰ প্ৰমাণ পত্ৰৰ অভাৱত জিলাখনত বাস কৰা অন্যান্য পিছপৰা শ্ৰেণী আৰু অনুসূচীত জাতিৰ লোকসকলক মন্ত্ৰীয়ে ‘মিচন সমাধান’ ৰ অধীনত আনুষ্ঠানিকভাৱে ১০ জন হিতাধিকাৰীক জাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।
তাৰোপৰি মন্ত্ৰী উৰ্খাও গৗৰা ব্ৰহ্মৰ সভাপতিত্বত চিৰাং জিলাৰ উপায়ুক্তৰ সভাকক্ষত চিৰাং জিলাৰ বিভিন্ন উন্নয়ন বিভাগসমূহৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় । এই সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰ/গ্ৰামীণ ), অমৃত স্বৰবৰ আঁচনি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিছন আঁচনি, হস্ততাঁত আৰু বস্ত্ৰ বিভাগ, ৰেচম বিভাগ, লোক নিৰ্মাণ বিভাগ, দুৰ্যোগ প্ৰশমন বিভাগ, জলসম্পদ বিভাগ আদিৰ জৰিয়তে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি সমূহৰ অগ্ৰগতি আৰু আঁচনি সমূহ ৰূপায়ণত হৈ থকা সমস্যা সমূহৰ বুজ লয়। তেওঁ জিলাখনৰ বিভাগসমূহক তেওঁলোকৰ আঁচনি সমূহক নিৰ্দিষ্ট সময়ত সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে। জিলাখনত বানপানীৰ সময়ত আৰু বানপানীৰ পিছত হব পৰা যিকোনো সমস্যা সমাধানৰ বাবে সকলো বিভাগসমূহক একেলগে কাম কৰিবলৈ আহ্বান জনায়। পৰ্যালোচনা সভাত ৰাজ্যসভাৰ সাংসদ ৰৗণগৗৰা নাৰ্জাৰী, বিজনী বিধায়ক অজয় কুমাৰ ৰায়, বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী আৰু চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে সভাত উপস্থিত থাকি পৰ্যালোচনা কৰা সময়ত মন্ত্ৰীক সহায় কৰে।