Daily Time Axom

ৰঙিয়াত মাৰোৱাৰী মহিলা মঞ্চৰ উদ্যোগত ৰক্তদান শিবিৰ

0 7

আজি ৰঙিয়াত অখিল ভাৰতীয় মহিলা মঞ্চৰ উদ্যোগত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । ৰঙিয়া শাখাৰ উদ্যোগত আয়োজিত এই শিবিৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু বিশ্ব বেংকে সহযোগ কৰে । ৰাতিপুৱা ১০ বজাৰ পৰা আয়োজিত এই শিবিৰত ৰঙিয়াৰ স্থানীয় প্ৰায় ৫০ জন মান ব্যক্তিয়ে ৰক্তদান কৰিছে ইতিমধ্যে । আয়োজক সমিতিয়ে জানিব দিয়ে যে তেওঁলোকে এই মহৎ কামটো বিপদত পৰা লোক সকলক বিনামূলীয়াকৈ সহায়ৰ উদ্দেশ্য হাতত লৈছে । বেছিভাগ মহিলা সকলে ঘৰতে থাকে বুলি এটা কথা আছে তাৰে বিপৰীতে এই মহিলা কেইগৰাকীৰ মহৎ উদ্দেশ্য আগত ৰাখি কৰা কামক শলাগ লৈছে স্থানীয় ৰাইজে ।

Leave A Reply

Your email address will not be published.