মাকে গেম খেলিবলৈ নিদিলে, মাৰি পেলালে গুলিয়াই মাককে
মোবাইল গেমৰ প্ৰতি আসক্ত হোৱাৰ প্ৰভাৱ কিমান বেয়া হ’ব পাৰে, সেই কথা আপুনিও ভাবিব লাগিব। এটা ঘটনা সংঘটিত হৈছে লক্ষ্ণৌত। ১৬ বছৰীয়া ল’ৰাটো মোবাইল গেমৰ প্ৰতি আসক্ত হৈ পৰিছে বুলি মাতৃয়ে ইতিমধ্যে উপলব্ধি কৰিছিল। সেয়ে মাকে সেই নিচা ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু জেদী ল’ৰাটোৱে কি কৰিলে সেয়া দেখি ওচৰ-চুবুৰীয়া স্তম্ভিত হৈ পৰিল।
ভনীয়েকক ঘৰত আবদ্ধ কৰি ৰাখি কোনো ল’ৰাই তেনেকুৱা কাম কৰিব পাৰিব বুলি কোনেও আশা কৰা নাছিল।
৪০ মানুহজনীৰ দুটা সন্তান। ডাঙৰটো পুত্ৰ, আৰু সৰুজনী কন্যা। তেওঁৰ স্বামীয়ে কলিকতাত ভাৰতীয় সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰে। মোবাইল গেমৰ প্ৰতি থকা আসক্তিৰ পৰা পুত্ৰক মুক্ত চেষ্টা কৰি এদিন পুতেকক অত্যন্ত খং কৰিলে সাধনা নামৰ মহিলাগৰাকীয়ে।
সেইবাবেই পুতেকে মাকক দেউতাকৰ চাৰ্ভিচ ৰিভলভাৰেৰে মাকৰ মূৰত গুলীয়াই দিয়ে। ফলত মাকক থিতাতে মৃত্যু হয়। পৰিস্থিতি বেয়া হোৱা বুলি উপলব্ধি কৰি ল’ৰাজনে নিজৰ সৰু ভনীয়েকক এটা কোঠাত বিছনাত আবদ্ধ কৰি ৰাখিলে।
পিছত ল’ৰাটোৱে মাকৰ মৃতদেহৰ সৈতেই তিনিদিন কটায়। অৱশেষত শৰীৰটো পচিবলৈ ধৰে আৰু গোন্ধ ওলাবলৈ আৰম্ভ কৰাত আন কোনো উপায় নেদেখি ল’ৰাজনে এটা কাহিনী বনাই আৰক্ষীক খবৰ দিয়ে।
সি আৰক্ষীক জনোৱা মতে, এজন ইলেক্ট্ৰিচিয়ান ঘৰলৈ আহি মাকক হত্যা কৰি গুচি গৈছিল।
পিছে আৰক্ষীয়ে আচল কথাটো উলিয়াবলৈ বেছি সময় নলগালে। ডেৰ-দুঘণ্টাৰ ভিতৰতে ল’ৰটোৱে তাৰ অপৰাধ স্বীকাৰ কৰে।