Daily Time Axom

পাকিস্তানত হিন্দু মন্দিৰত আক্ৰমণ

0 8

পাকিস্তানত আক্ৰমণকাৰীয়ে ভাঙিছে হিন্দু মন্দিৰ । এতিয়া পাকিস্তানৰ কৰাচী চহৰৰ এটা হিন্দু মন্দিৰত দেৱতাৰ মূৰ্তি ভাঙি পেলোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। এই ঘটনাটো কৰাচীৰ কোৰাংগী অঞ্চলৰ।

আনকি মন্দিৰ চৌহদত থকা পুৰোহিতৰ ঘৰো ভাঙিছে আক্ৰমণকাৰীয়ে । নিশাভাগত মূৰ্ত্তিসমূহ ধ্বংস কৰিছে দুৰ্বিত্তই ।

এই ঘটনাৰ পাছৰে পৰা হিন্দু সমাজত এক শংকাই বিৰাজ কৰিছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মন্দিৰ পৰিদৰ্শন কৰি বিষয়টোৰ সন্দৰ্ভত সোধ-পোছ অব্যাহত ৰাখে ।

জানিব পৰা মতে মটৰ চাইকেলত উঠি অহা ৬ৰ পৰা আঠজন লোকে মন্দিৰটোত আক্ৰমণ কৰিছিল ।

যোৱা বছৰৰ অক্টোবৰ মাহতো সংঘটিত হৈছিল এই ঘটনা।পাকিস্তানৰ সংখ্যালঘু হিন্দু জনসংখ্যাৰ মন্দিৰবোৰ প্ৰায়ে লক্ষ্য কৰি লৈছিল। অক্টোবৰ মাহত কোত্ৰীত সিন্ধু নৈৰ পাৰত অৱস্থিত এটা ঐতিহাসিক মন্দিৰত অচিনাক্ত লোকে লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছিল। এই সন্দৰ্ভত অচিনাকি লোকৰ বিৰুদ্ধে কোত্ৰী থানাত গোচৰ ৰুজু কৰা হৈছে । চৰকাৰী হিচাপ অনুসৰি পাকিস্তানত ৭৫ লাখ হিন্দু আছে। কিন্তু জনগোষ্ঠী অনুসৰি দেশত ৯০ লাখৰো অধিক হিন্দু আছে। পাকিস্তানৰ হিন্দু জনসংখ্যাৰ অধিকাংশই সিন্ধ প্ৰদেশত বসতি স্থাপন কৰে। তেওঁলোকে প্ৰায়ে উগ্ৰপন্থীৰ পৰা হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলিও জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.