Daily Time Axom

লাখ লাখ মানুহে খাদ্য সংকটত ভূগিব: জেলেনস্কি

0 10

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে সতৰ্ক কৰি দিছে যে যদি ৰাছিয়াই ইউক্ৰেইনৰ শস্য ৰপ্তানি কৰিবলৈ নিদিয়ে তেন্তে বিশ্বৰ লাখ লাখ লোকে খাব নাপাব।

জেলেনস্কিয়ে কয়, “আমি আমাৰ ঘেঁহু, মাকৈ, বনস্পতি তেল আৰু অন্যান্য সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হোৱা নাই, যি বিশ্ববজাৰৰ স্থিৰতাত অৰিহণা যোগায়।

“ইয়াৰ অৰ্থ হৈছে, দুৰ্ভাগ্যবশতঃ, ডজন ডজন দেশে খাদ্য সংকটৰ সন্মুখীন হ’ব, যদি ৰাছিয়াৰ কৃষ্ণ সাগৰৰ অৱৰোধ অব্যাহত থাকে তেন্তে লাখ লাখ লোকে খাদ্য সংকটত পৰাৰ সম্ভাৱনা আছে।”

ফলস্বৰূপে, ইউক্ৰেইনৰ সামগ্ৰীবোৰ আবদ্ধ হৈ আছে। ইউক্ৰেনে পৃথিৱীৰ মুঠ ঘেঁহুৰ চাহিদাৰ এক বৃহৎ অংশ পূৰণ কৰে। এতিয়া যেতিয়া তেওঁলোক বন্দৰত আবদ্ধ হৈ আছে, ঘেঁহুৰে তৈয়াৰ কৰা সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে।

ফলস্বৰূপে, বিশ্বৰ নেতাসকলে বন্দৰসমূহৰ অৱৰোধ উঠাই লোৱাৰ বাবে ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছে। 

Leave A Reply

Your email address will not be published.