Daily Time Axom

নলবাৰীত লেতেৰা পানীত বুৰ গৈছে এটা অঞ্চল

0 13

লেটেৰা পানীত অতিষ্ঠ হৈ ৰাজপথলৈ ওলাল আহিল গাওঁবাসী।

নলবাৰী চহৰৰ মাজেৰি অতিবাহিত হোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ সমীপৰ এখন গাঁও হৈছে বলাকুছি।পাগলাদিয়া নৈৰ মথাউৰিৰ কাষত থকা গাওখনৰ লোখ সকলে লেটেৰা পানীৰ বাবে যমৰ যাতনা ভূগি আহিছে।

স্থানীয় লোকৰ পৰা জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰে যোৱা নলাটো দুখন ধাবাই বন্ধ কৰি দিয়াৰ ফলশ্ৰুতিত উক্ত গাঁওখনৰ মাজেৰে যোৱা পানী বন্ধ হৈ যায় আৰু গাঁওখন পানীৰে উপচি পৰে।বিশেষকৈ বাৰিষা আহিলে এই অঞ্চলৰ লোকে যমৰ যাতনা ভূগিব লগিয়াত পৰে।পানী ওলাই যাব নোৱাৰাত প্ৰদূষকৰে মিহলি পানীবোৰ প্ৰদূষিত হৈ উঠিছে।এই দূষিত পানীত অতিষ্ঠ হৈ পৰিছে গাঁওবাসী।

সাধাৰণ কাম-কাজ কৰি জীৱন নিৰ্বাহ কৰি জীৱিকা চলাই থকা গাওবাসীয়ে উক্ত অঞ্চলৰ সমস্যাৰ বিষয়ে জিলা প্ৰশাসনক অবগত কৰাই যদিও আজিকোপতি কোনো ব্যৱস্থা লোৱা নাই।আজিলৈ কোনো বিভাগিয়া কতৃপক্ষই উক্ত সমস্যাৰ বিষয়ে খবৰ লোৱা নাই।সেয়ে অতিষ্ট হৈ স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই আহি চৰকাৰক উক্ত সমস্যা সমাধান কৰাৰ বাবে আহ্বান জনাই।

Leave A Reply

Your email address will not be published.