Daily Time Axom

নাক-স্তনৰ অস্ত্ৰোপচাৰ কিয় নকৰিলে ৰাধিকাই

0 12

বলিউডত কেৰিয়াৰৰ আৰম্ভণিতে, প্ৰতিজন অভিনেতাই কিছুমান কঠিন মুহূৰ্তৰ সন্মুখীন হ’ব লাগে। অভিনেত্ৰী ৰাধিকা আপ্তেও ইয়াৰ ব্যতিক্ৰম নহয়। ৰাধিকাই আৰম্ভণিতে শুনিব লগা হৈছিল যে তেওঁ অভিনয়ৰ এই পৃথিৱীৰখনৰ বাবে একেবাৰে উপযুক্ত নহয়।

ৰাধিকাই কৈছে যে তাইক প্ৰথমে তাইৰ নাকত অস্ত্ৰোপচাৰ আৰু বোটক্স কৰিবলৈ কোৱা হৈছিল। কেৱল সেয়াই নহয়, অভিনেত্ৰীগৰাকীয়ে স্তনৰ আকাৰৰ বিষয়েও কথা শুনিব লগা হৈছিল। তেওঁক এজনে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছিল। এইটোও কৈছিল যে উদ্যোগটোত জীয়াই থাকিবলৈ এইবোৰ কৰা উচিত।

ৰাধিকাই কয়, “মোৰ ওপৰত আগতে এই চাপ আছিল। যেতিয়া মই নতুন আছিলোঁ, মোক মোৰ মুখ আৰু শৰীৰত কেইবাটাও অস্ত্ৰোপচাৰ কৰিবলৈ কোৱা হৈছিল। এবাৰ মই এখন সভালৈ গৈছিলো। তাতো মোক না অস্ত্ৰোপচাৰ কৰিবলৈ কোৱা হৈছিল। মই যেতিয়া পৰৱৰ্তী আন এক সভালৈ যাও মোক তাত স্তনৰ অস্ত্ৰোপচাৰ কৰিবলৈ হৈছিল।
ৰাধিকা কেতিয়াও ইয়াক লৈ চিন্তিত নাছিল। অৱশ্যে, ৰাধিকাৰ ইয়াৰ বাবে বহুবাৰ খং উঠিছিল ।

ৰাধিকাই কয় যে তাইৰ এজন বন্ধুৱেও এবাৰ বোটক্স কৰিছে। সেই বন্ধুজনে তেওঁকো বোটক্স কৰিবলৈও কৈছিল। কিন্তু ৰাধিকাই প্ৰকৃতিৰ সৃষ্টিৰ বিপৰীতে যাব নিবিচাৰিছিল।

ৰাধিকাই সাক্ষাৎকাৰটোত এইটোও কয় যে তাই চাৰিওফালে থকা বহুতো তাৰকাক অস্ত্ৰোপচাৰৰ জৰিয়তে মুখ সলনি কৰা দেখি ভাগৰি পৰিছে।

Leave A Reply

Your email address will not be published.