গোলাঘাটৰ কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে এক কাৰ্যসূচী সম্পন্ন হয় ৷ বিশ্ব পৰিবেশ দিৱসৰ উপলক্ষে যোৱা ৪ আৰু৫ জুনত পায়নিয়াৰ ফাউণ্ডেচনৰ উদ্যোগত আৰু বিভিন অনুষ্ঠানৰ সহযোগত অনুষ্ঠিত হোৱা শোভাযাত্ৰাৰ শ্ল’গান প্ৰতিযোগিতা আৰু ৰেখাচিত্ৰ প্ৰতিযোগিতাৰ এই বটাঁ বিতৰণি সভাৰ সভাপতিত্ব কৰে বিদ্যালয় খনৰ অধ্যক্ষ মছলেহুজ জামানে ৷ বিশিষ্ট ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে যুৱনেতা নিপন গগৈয়ে ৷ যুৱনেতা সঞ্জু কৌশিকে আঁতধৰা সভাৰ আৰম্ভণিতে বৃক্ষৰোপন কায্যসূচীৰ শুভাৰম্ভ কৰা তামান্না শান্দিল্য আৰু অভিচি কৌশিকক উপহাৰ প্ৰদান কৰা হয় ৷ ইয়াৰ পিছতে বাটৰ নাটৰ অভিনেতা সকলক উপহাৰ দিয়াৰ পিছত প্ৰটিযোগিতাত বিজয়ী ১৮ গৰাকীক পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদানৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোকে মানপত্ৰ প্ৰদান কৰা হয় ৷ এই সভাতেই প্ৰতিযোগিতাত বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ লগতে অংশলোৱা সকলকো যোগদানৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ যুৱনেতা সঞ্জু কৌশিকে আতঁধৰা অনুষ্ঠানত পায়নিয়াৰ ফাউণ্ডেচনৰ সভাপতি প্ৰকাশ শৰ্মা ; সম্পাদক সুশান্ত শৰ্মা তামুলী ;কে ধৰি সকলো বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে ৷
গোলাঘাটৰ পৰা জয় প্ৰসাদ গুপ্তা ৰিপৰ্ট।