Daily Time Axom

সৰ্বশ্ৰেষ্ঠ উপহাৰ! আইতাকে জন্ম দিলে নাতিনীক

0 11

দীৰ্ঘদিন ধৰি, ২৫ বছৰীয়া কেইটলিন মুনোজে এটা সন্তান বিচাৰিছিল। কিন্তু তাই এণ্ডোমেট্ৰিওচিছৰ বাবে মাতৃ হ’ব নোৱাৰে। অৱশেষত, মাক চালিছ স্মিথে তেওঁৰ জীয়েকৰ আকাংক্ষা পূৰণ কৰিবলৈ আগবাঢ়ি আহিল।

চালিছৰ , নিজৰ সন্তান আঠটা আছে।যাৰ বয়স পঞ্চাশৰ দশকত, বয়সৰ কাৰণে তেওঁৰ আঁঠু আৰু স্নায়ুৰ সমস্যাও আছে। সেয়ে, চালিচৰ পথ সহজ নাছিল। তথাপিও জীয়েকৰ মুখত হাঁহি এটা জিলিকাবলৈ এগৰাকী চাৰোগেট মাতৃ হ’বলৈ আগবাঢ়ি আহিছিল। একেদৰে, তেওঁ আইভিএফ পদ্ধতিৰ দ্বাৰা কেটলিনৰ সন্তানক নিজৰ শৰীৰত ধৰি ৰাখে।

মে মাহত, চালিছে এটা কন্যা সন্তান জন্ম দিছে। চালিছে দাবী কৰে যে যদিও তেওঁ প্ৰথমতে অলপ চিন্তিত আছিল, তথাপিও তেওঁৰ বাবে সন্তান জন্ম দিয়াটো অতি সহজ আছিল। শিশুটোৰ জন্মৰ পিছত সকলোৱে একেলগে ফটো তুলিছিল। চালিছে কৈছে যে এই শিশুটো মাতৃ হিচাপে জীয়েকৰ বাবে এটা উপহাৰ।

Leave A Reply

Your email address will not be published.