Daily Time Axom

নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ

0 13

অসমৰ কৰ্মৰত সাংবাদিক আৰু সংবাদ কৰ্মী সকলৰ নায্য প্ৰাপ্তিৰ হকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অহা অসম বাৰ্তাজীৱী সংঘৰ অন্তৰ্গত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ নতুন কাৰ্যনিৰ্বাহক সমিতিয়ে ১২ জুন, দেওবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে । এই উদ্দেশ্যে নলবাৰী জিলাৰ জাগাৰা নপ্তিপাৰাস্তিত গংগা – যমুনা ৰিজোৰ্টত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত ন – পুৰণি সমিতিৰ যৌথ সভাত ভাৰত বাৰ্তাজীৱী মহাসংঘৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য মধুসূদন মেধি, অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মা, সাংগঠনিক সম্পাদক কিশোৰজ্যোতি শৰ্মা, প্ৰচাৰ সম্পাদক হেমন্ত বৰ্মন, উত্তৰ-পশ্চিম মণ্ডলৰ উপ-সভাপতি অখিল কলিতা, সদস্য গৌৰব বুঢ়াগোহাঁই, সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনীন ৰাজবংশী, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন আদি কেইবাজনেও অংশ লৈ সাংবাদিকৰ সমস্যা , দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বক্তব্য ৰাখি নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়াই । নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ৰূপ কুমাৰ শৰ্মাই আতধৰা উক্ত সভাতে সভা খন অনুষ্ঠিত কৰা গংগা – যমুনা ৰিজোৰ্টৰ স্বত্বাধিকাৰী ভূপেন তালুকদাৰ আৰু তেখেতৰ পুত্ৰ দিম্পুৰাজ তালুকদাৰক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয় । সভাত পৰী শৰ্মা, পূজা শৰ্মা, কংকনা বৰ্মন আৰু উদ্ধৱ ঠাকুৰীয়াই সংগীত পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে । শেষত ৰাজ্যিক নেতৃবৃন্দৰ উপস্থিতিত সভাপতি নৰেন শৰ্মা আৰু সম্পাদক ৰূপ কুমাৰ শৰ্মা নেতৃত্বাধীন নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ নতুন সমিতিয়ে দায়িত্ব ভাৰ গ্ৰহণ কৰে । উল্লেখ্য যে যোৱা ২৯ মে’ত চামতা স্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱত অনুষ্ঠিত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশনত ৩১ জনীয়া নতুন সমিতি গঠন কৰা হৈছিল । এই নতুন সমিতিয়ে মুকালমুৱাৰ সমীপৰ গংগা – যমুনা ৰিজোৰ্টত দায়িত্ব ভাৰ গ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.