Daily Time Axom

ৰঙিয়াত কাৰাটে সন্থাৰ উদ্যোগত দেওবাৰে কালাৰ বেল্ট গ্ৰেডিং শীৰ্ষক পৰীক্ষা

0 12

ৰঙিয়া জিলা কাৰাটে সন্থাৰ উদ্যোগত দেওবাৰে কালাৰ বেল্ট গ্ৰেডিং শীৰ্ষক পৰীক্ষা অনুষ্ঠিত কৰা হয় ।ৰঙিয়া নৱসুৰুজ পুঁথিভড়াল স্থিত কাৰাটে দ্য একাডেমিৰ প্ৰাংগণত অনুষ্ঠিত উক্ত পৰীক্ষাত ৭০ গৰাকী প্ৰশিক্ষাৰ্থী অৱতীৰ্ণ হয় ।ৰঙিয়া জিলা কাৰাটে সন্থাৰ সম্পাদক মাজাহুৰাল ইছলামৰ নেতৃত্বত পৰীক্ষা কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰে খগেন কলিতা,পবিত্ৰ ৰাজৱংশী, দেৱব্ৰত শৰ্মা প্ৰমূখ্যে আনকেবাগৰাকী জ্যেষ্ঠ প্ৰশিক্ষকে ।পৰীক্ষাৰ প্ৰাক মুহূৰ্তত ৰঙিয়া মহকুমা আৰক্ষী বিষয়াগৰাকী উপস্থিত হৈ শুভ উদ্বোধন কৰে ।

ৰঙিয়াৰ পৰা সৰু খান ৷

Leave A Reply

Your email address will not be published.