Daily Time Axom

ভাৰত চীনৰ অন্নদাতা কেনেকৈ হ’ল

0 9

কেইবছৰমানৰ পৰা, সীমান্ত বিবাদক লৈ ভাৰত-চীনৰ সম্পৰ্ক প্ৰায় তিক্ত হৈ আছে। ২০২০ চনত ইণ্ডো-চীন সীমান্তত ৰক্তক্ষয়ী সংঘৰ্ষৰ ঘটনাও সংঘটিত হৈছে। কিন্তু সকলো তিক্ততাৰ মাজতো, ভাৰতে ড্ৰেগনৰ দেশৰ বাবে ‘আন্নাদাতা’ৰ ভূমিকা পালন কৰি আছে। ভাৰতীয় ভঙা চাউল বা খুদ আমদানি কৃত দেশৰ তালিকাত চীন শীৰ্ষত আছে। চীনেই ভাৰতৰ পৰা আটাইতকৈ ভঙা চাউল বা খুদ ক্ৰয় কৰে, এইবাৰ এনে এটা তথ্য সন্মুখলৈ আহিছে।

এক পৰিসাংখ্যিক সূত্ৰ অনুসৰি, চীনে মহামাৰী কালত ভাৰতৰ পৰা ১৬.৩৪ লাখ মেট্ৰিক টন চাউল আমদানি কৰিছিল। সেই সময়ত (২০২১-২২ বিত্তীয় বৰ্ষ) ভাৰতে মুঠ ২১২.১০ লাখ মেট্ৰিক টন চাউল ৰপ্তানি কৰিছিল। চীনে ইয়াৰ ৭.৭ শতাংশ আমদানি কৰিছিল।

এইটোও খবৰ পোৱা গৈছে যে চীনে ভাৰতৰ পৰা মুঠ ১৬.৩৪ লাখ মেট্ৰিক টন চাউল আমদানি কৰিছে। তাৰ প্ৰায় ৯৭ শতাংশ অৰ্থাৎ ১৫.৭৬ লাখ মেট্ৰিক টন ভঙা চাউল বা খুদ। ভাৰতৰ পৰা ভঙা চাউল বা খুদ ক্ৰয় কৰা দেশবোৰৰ ভিতৰত, চীন শীৰ্ষ স্থানত আছে। আগতে, ভঙা চাউল বৃহৎ পৰিমাণে আফ্ৰিকাৰ দেশবোৰলৈ ৰপ্তানি কৰা হৈছিল।

Leave A Reply

Your email address will not be published.