Daily Time Axom

গ্ৰীষ্মকালত কণীৰ কুহুম খোৱা উচিত নে ?

0 23

পুষ্টিবিদসকলে পৰামৰ্শ দিয়ে যে সকলোৱে প্ৰতিদিনে কণী খাব লাগে। ভিটামিন ডি, ভিটামিন বি, জিংক, কেলচিয়াম, এই সকলোবোৰৰ পৰিমাণ ইয়াত যথেষ্ট থাকে । কিন্তু গ্ৰীষ্মকালত, দুটাতকৈ অধিক কণী খোৱাৰ প্ৰয়োজন নাই। বহুলোকক কণীৰ কুহুম পৰিহাৰ কৰিবলৈ কোৱা হয়, বিশেষকৈ অত্যাধিক গৰমৰ সময়ত। কিয়নো কণী আৰু কণীৰ কুহুম দুয়োটাই শৰীৰৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰে। যেতিয়া গুৰুতৰ ভাৱে জ্বলা-পোৰা অৱস্থা হয়, দুটাতকৈ অধিক কণী খালে হৃদযন্ত্ৰ সমস্যাও হ’ব পাৰে। হজমৰ সমস্যাও থাকিব পাৰে।
 
কিন্তু বেছিভাগৰ মতে, কণীৰ দৰে, কুহুমতো যথেষ্ট খাদ্যগুণ থাকে। উদাহৰণ স্বৰূপে, বগা অংশত গোটেই কণী প্ৰ’টিনৰ আধা শতাংশ থাকে। আনহাতে, কণীৰ কুহুমত গোটেই কণীৰ কেলচিয়াম আৰু লোৰ ৯০ শতাংশ থাকে। গতিকে যদি আপুনি কুহুমটো বাদ দিয়ে, শৰীৰৰ প্ৰয়োজনীয় পুষ্টিৰ পৰা বঞ্চিত হ’ব। 

ইয়াৰ উপৰিও, কণীৰ কুহুমত ভাল কলেষ্টেৰলৰ স্তৰও উচ্চ। ইয়াত ফলেট আৰু ভিটামিনো থাকে। যিটো চকু আৰু মগজুৰ বাবে অতি উপকাৰী। অৱশ্যে, টাইপ২ ডায়বেটিচ থকা সকলৰ বাবে, কণী খোৱাৰ আগতে পুষ্টিবিদৰ পৰামৰ্শ লোৱা প্ৰয়োজন। 

Leave A Reply

Your email address will not be published.