Daily Time Axom

জামুগুৰিহাটৰ নবিল নামঘৰ চৌহদত বৃক্ষ ৰোপন আৰু কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন

0 14

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নবিল নামঘৰত দিনজোৰা কাৰ্য্যসুচীৰে অনুষ্ঠিত হয় বাৰ্ষিক নাম-প্ৰসংগ অনুষ্ঠান৷ নদুৱাৰ আঞ্চলিকৰ ছয়খন খেলৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত মঙলবাৰে নবিল নামঘৰ চৌহদত বৃক্ষ ৰোপন কৰাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা কৃতি শিক্ষাৰ্থীসকলক উষ্ণ সম্বৰ্ধজ্ঞাপন কৰে ৰাইজে । বৃক্ষ ৰোপন কাৰ্য্যসুচীত নবিল নামঘৰ কমিটিৰ সভাপতি ভুপেন দাস, সম্পাদক ভৱেন দাস, সদৌ অসম গণ জাগৰণ মঞ্চৰ প্ৰতিষ্ঠাপক তথা কেন্দ্ৰীয় সভাপতি গোপাল চন্দ্ৰ কোঁচে অংশগ্ৰহণ কৰি নিম, আমলখি, আম, বকুল আদি বৃক্ষৰ পুলি ৰোপন কৰে ।ইয়াৰ পিছতে আয়োজিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তিণ হোৱা অঞ্চলটোৰ ছয় গৰাকী কৃতি শিক্ষাৰ্থীক একোখনকৈ ফুলাম গামোছাৰে উষ্ণ সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰশংসা পত্ৰ, কলম আৰু বহি আদি উপহাৰ দি উৎজ্জ্বল ভৱিষ্যতৰ হকে আশিৰ্ব্বাদ প্ৰদান কৰে । ইয়াৰ পিছত দিনযোৰা কাৰ্য্যসূচীৰে আয়োজিত অনুষ্ঠানৰ অন্তত খোল-তালৰ লগতে হৰি নামৰ ধ্বনিৰে মুখৰিত কৰে অঞ্চলটোৰ চৌপাশ ।

জামুগুৰিহাটৰ পৰা আনহৱাৰ আহমেদৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.