Daily Time Axom

বিহাপাৰা বিটিচি বিদ্যালয়ত কৃতি ছাত্ৰক সম্বৰ্ধনা

0 14

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাৰ্থীৰে উৰ্ত্তীৰ্ণ হোৱা দুজনকৈ মেধা ছাত্ৰক সম্ভৰ্থনা জনাই তামুলপুৰ জিলাৰ বিহাপাৰা বিটিচি এম ই স্কুল কৰ্তৃপক্ষই ।

বিহাপাৰা বিটিচি নামৰ এম ই স্কুল খনৰ প্ৰাক্তন ছাত্ৰ আবুল কালাম আজাদ আৰু নাছিৰ আহমেদ নামৰ সম্ভৰ্ধনা জনোৱা হয় ।

বিটিচি এম ই বিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত অনুষ্ঠিত হোৱা সম্ভৰ্ধনা অনুষ্ঠানত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা এ,বি,এম,ছুৰ কেইবাগৰাকী ছাত্ৰ নেতা উপস্থিত থাকে ।

আশা কৰা ধৰণে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰি সমগ্র বিহাপাৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ দুজনক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় । অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ দুজনৰ ভবিষ্যত সপোন পুৰণৰ বাবে অধ্যয়নৰ ক্ষেত্ৰত সকলোকে সহায় কৰিবলৈ আহ্বান জনাই বিদ্যালয় খনৰ শিক্ষক সকলে। সভাখনত উপস্থিত থকা এবিএমছুৰ নেতাকেইগৰাকীয়ে ছাত্ৰ জনক শুভেচ্ছা প্ৰদান কৰাৰ উপৰিও বিদ্যালয়খনৰ আন্তঃগাঠনিক ভালদৰে নিৰ্মাণ কৰাৰ বাবে বিটিআৰ চৰকাৰক আহ্বান জনাই ।

ৰঙিয়াৰ পৰা সৰু খান ।

Leave A Reply

Your email address will not be published.