কাৰ্বিআংলং জিলাৰ বোকাজানস্থিত চি আৰ পি এফ বাহিনীৰ ৰাইজিং ডে’ পালন
১৯ সংখ্যক ৰাইজিং ডে উপলক্ষে ১৫৫ নং বোকাজানস্থিত চি আৰ পি এফ কেম্পত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে খটখটিৰ ডিআইজি হনুমান সিং ৰাউট,১৫৫ নং চি আৰ পি এফ বাহিনীৰ চিঅ’ অভিনাচ চৰণ,কমান্দেন্ত সুবাস চান্দ আৰু চি আৰ পি এফ বাহিনীৰ জোৱান সকল উপস্থিত থকা পৰিলক্ষিত হয়।
উক্ত অনুষ্ঠানত CRPF বাহিনীৰ জোৱান সকলে বিভিন্ন ধৰণৰ গীত,নৃত্য,খেল ধেমালিৰে অনুষ্ঠানটি আকৰ্ষণীয় কৰি তোলা পৰিলক্ষিত হয়।লগতে জোৱান সকলে বিভিন্ন ধৰণৰ খাদ্য প্ৰণালীৰ লগতে খেল ধেমালিৰ আয়োজন কৰি একপ্ৰকাৰৰ উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰি তোলে।
CRPF বাহিনীৰ কেম্পত কণ কণ শিশুসকলৰ পুৰুষ মহিলা সকলোৱে একত্ৰিত হৈ অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰি তোলা পৰিলক্ষিত হয়।