জামুগুৰিহাটৰ ইটাখোলাৰ শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত চাৰিদিনীয়াকৈ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰশিক্ষণ


জামুগুৰিহাটৰ ইটাখোলাস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অপৰাজিতা মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ প্ৰশিক্ষণ । প্ৰশিক্ষণ অনুষ্ঠানত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ডি এফ অ সমিৰণ শইকীয়া, ব্লক ক’ৰ্ডিনেটৰ দ্বিপৰঞ্জন চমুৱা আৰু বি পি এম মনিচ বৰকাকতি ।

অনাগত দিনবোৰত মণ্ডল পৰ্য্যায়ৰ সংগঠনে কেনেধৰণে আগবাঢ়িব,কেনেধৰণে লক্ষ্য নিৰ্ধাৰণ কৰিব, মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ লক্ষ্য পূৰণৰ লগতে সকলো সদস্য সামূহিয়াভাবে কেনেধৰণে আগবাঢ়িব সেই বিষয়ে পৰ্য্যালোচনা কৰা হয় ৷ আলোচনাৰ বিষয় সমুহ সূচাৰু ৰূপে গাঁও পৰ্য্যায়ত আগবঢ়াই লৈ যোৱাৰ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহন কৰে ৷

জামুগুৰিহাটৰ পৰা
আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

Comments (0)
Add Comment