ৰণবীৰ কাপুৰৰ নতুন ছবি ‘চামছেৰা’ৰ প্ৰথম পোষ্টাৰ মুকলি
ব্ৰহ্মাস্ত্ৰৰ ট্ৰেইলাৰ মুক্তিৰ পিছত পুনৰ ৰনবীৰ কাপুৰৰ নতুন ছবিৰ ঝলকে চৰ্চা লাভ কৰিছে ছছিয়েল মিডিয়াত।
অৱশেষত, দীঘলীয়া অপেক্ষাৰ পিছত, ৰণবীৰ কাপুৰৰ নতুন ছবি ‘চামছেৰা’ৰ প্ৰথম পোষ্টাৰ মুকলি হৈছে।
চলচ্চিত্ৰখনৰ নিৰ্মাতাসকলে সোমবাৰে আনুষ্ঠানিকভাৱে ছবিখনৰ প্ৰথম ৰূপ শ্বেয়াৰ কৰিছে।
কৰণ মালহোত্ৰাৰ দ্বাৰা পৰিচালিত ছবিখনে ২০২২ চনৰ জুলাইত মুক্তি পাব বুলি জানিব পৰা গৈছে ।
আচৰিত কথাটো হ’ল যে এই ছবিখনৰ প্ৰথম আভাস দিয়া ফটোখন অতি উৎসাহিত হৈ ৰনবীৰ পত্নী আলিয়া ভাটেও শ্বেয়াৰ কৰিছে।
ৰণবীৰ কাপুৰৰ শ্বামছেৰা ছবিৰ চেহেৰাৰ ফটোখন শ্বেয়াৰ কৰি আলিয়াই লিখিছে, “এইবাৰ, গৰম ৰাতিপুৱা।” অৰ্থাৎ এইটো এটা শুভ ৰাতিপুৱা।”
ৰণবীৰক ফটোখনত এটা অতি কঠোৰ চেহেৰাৰ দেখা গৈছে। চকুত খং , মুখমণ্ডল দাড়ি আৰু গোঁফৰে ভৰা লগতে দীঘল চুলি । সোঁ ভ্ৰূৰ তলত আছে এটা কটা । হাতত লৈ আছে এৰ বিশেষ অস্ত্র।
এতিয়া শ্বামচেৰাই বক্স অফিচত কি যাদু দেখুৱাই সেয়াহে হ’ব লক্ষ্যনীয়।