দুখীয়া ছাত্র-ছাত্ৰীৰ পৰা প্ৰৱঞ্চনাৰে লাখ লাখ টকা হৰপ কৰাৰ অভিযোগ

বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত মাজগাওঁ নিবাসী জ্ববৰ আলি নামৰ যুৱকে গুৱাহাটীৰ আজাৰাত বছৰ বছৰ ধৰি বাহৰপাতি অসমৰ বহু দুখীয়া নিছলা ছাত্র-ছাত্ৰীৰ পৰা ঠগ প্ৰৱঞ্চনাৰে লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখযোগ্য অভিযোগ মতে, বৰপেটাৰ মাজগাওঁ নিবাসী আৰফান আলি নামৰ ব্যক্তিৰ পুত্ৰ জ্ববৰ আলিয়ে দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীক নাৰ্ছ, লেবৰটৰী টেকনিছিয়ান আদিকে ধৰি বিভিন্ন পদৰ নামভৰ্ত্তি, শিক্ষা প্ৰদান আৰু পৰীক্ষাৰ বাবে শ শ ছাত্র ছাত্ৰীৰ পৰা লাখ লাখ টকা মাচুল হিচাপেলৈ মুঠ ৪ কোটিতকৈ অধিক টকা লুণ্ঠন কৰি বৰ্তমান অন্তৰ্ধ্যান হৈ আছে।

এই সন্দৰ্ভত কৰ্ণাটকৰ বেংগালুৰুৰ ৰাজ পোটানা কলেজ অব ফাৰ্মাচী আৰু এ জে এডুকেশ্বন ট্ৰাষ্টে জনাই যে বিগত ২০২০ বৰ্ষৰ পৰা জ্ববৰ আলি নামৰ অভিযুক্তই বাংগালোৰৰ এই প্ৰতিষ্ঠানৰ নামত অসমৰ বহু ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ আৰু জীৱনৰ লগত হেতালি খেলি আহিছে। সেয়ে এই প্ৰতিষ্ঠানৰ তৰফৰ পৰা অসমবাসীক এই বিষয়ত সাৱধানতা অৱলম্বন কৰি অভিযুক্ত এই প্ৰবঞ্চকৰ পৰা আঁতৰি থাকি নিজ নিজ সন্তানক সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনাইছে।

Comments (0)
Add Comment