Daily Time Axom

অম্বুবাচী আৰম্ভ

0 23

সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই অম্বুবাচী বহুচৰ্চিত তিথি। এই তিথি সম্পৰ্কে সাধাৰণ মানুহৰ মনত বহুতো প্ৰশ্ন, সন্দেহ, আৰু বিভিন্ন ধাৰণা আছে। এই তিথি প্ৰতি বছৰে আহাৰ মাহৰ ৭তাৰিখে হয়। বিশ্বাস কৰা হয় যে এই তিথিত, কামাখ্যা দেৱী ৰাজস্বালা হয়।

জনবিশ্বাস অনুসৰি, যেতিয়া মিৰ্গশিৰা ৰ তৰাৰ তিনিটা শ্লোক আহাৰ মাহত শেষ হয়, পৃথিৱী ঋতুমতী হৈ পৰে আৰু তেতিয়াই অম্বুবাচী উদযাপন কৰা হয়।

এই বছৰ অম্বুবাচী , বুধবাৰ ২২ জুনত পৰিছে। অম্বুবাচী নিশা ৮.১৯ বজাত আৰম্ভ হয়। অম্বুবাচী তিথি দেওবাৰে, ২৬ জুনৰ পুৱা ৮.৪৩ বজাত সমাপ্ত হ’ব।

বিধৱা মহিলাসকলে এই ৰীতি-নীতিত তিনিদিন উপবাস ৰাখে। তেওঁলোকে পৰৱৰ্তী তিনিদিনৰ বাবে অম্বুবাচীৰ আগদিনা ৰন্ধা খাদ্য খায়। সেই তিনিদিন ধৰি, তেওঁলোকে কোনো গৰম খাদ্য বা পানীয় নাখায় ।

Leave A Reply

Your email address will not be published.