অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মন্ত্ৰী পীযুষ হাজৰিকাৰ
আজি জনতা ভৱন স্থিত কাৰ্যালয়ত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ. আব্বাচি , জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপি তথা জলসম্পদ বিভাগৰ আন আন বিষয়া সকলৰ সৈতে অসমৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী পীযুষ হাজৰিকা ।

বৈঠকত জিলা সমূহৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ভাগি যোৱা মথাউৰি সমূহ অতি শীঘ্ৰে অস্থায়ী ভাৱে মেৰামতি কৰিবৰ বাবে জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে বাৰিষাৰ পাছতেই স্থায়ী ভাৱে নিৰ্মাণ কৰিব লগীয়া মথাউৰি সমূহৰ সাময়িক জৰীপ এতিয়াৰ পৰাই আৰম্ভ কৰিবলৈও নিৰ্দেশ দিছে।