Daily Time Axom

পত্নীৰ যৌন সম্ভোগৰ আকাংক্ষা ইমানেই তীব্ৰ যে স্বামীয়ে বিচাৰিলে বিবাহ বিচ্ছেদ

0 20

পত্নীৰ শাৰীৰিক প্ৰয়োজনীয়তা অধিক। দিন নাই, ৰাতি নাই যেতিয়াই তেতিয়াই শাৰিৰীক চাহিদা বিচাৰে। শেষত সহ্য কৰিব নোৱাৰি মুম্বাইৰ এজন যুৱকে বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ কাষ চাপিল। আদালতে বিবাহ বিচ্ছেদৰ অনুমতিও দিলে কিয়নো তেওঁৰ পত্নী শুনানিত উপস্থিত হোৱা নাছিল।

তেওঁৰ আৱেদনত, অভিযোগ কৰিছিল যে ২০১২ চনত তেওঁৰ বিবাহৰ পিছৰে পৰা, তেওঁ তেওঁৰ পত্নীৰ “অত্যাধিক অতৃপ্ত যৌন আকাংক্ষা”ৰ ভুক্তভোগী হৈ আহিছে। যুৱকজনে এইটোও অভিযোগ কৰিছিল যে তেওঁৰ পত্নীয়ে তেওঁক সুৰা আৰু অন্যান্য পানীয়ৰ সৈতে যৌন উদ্দীপনামূলক ড্ৰাগ খুৱাইছিল। তেওঁ আদালতক এইটোও কৈছিল যে তেওঁৰ পত্নীয়ে তেওঁক বিভিন্ন “অপ্ৰাকৃতিক যৌন কাৰ্যকলাপ”ত বাধ্য কৰিছিল।

যুৱকজনে লগতে অভিযোগ কৰিছিল যে যদি তেওঁ অস্বীকাৰ কৰে, মহিলাগৰাকীয়ে আন কাৰোবাৰ সৈতে যৌন সম্ভোগ কৰাৰ ভাবুকি দিয়ে। তেওঁৰ পত্নীৰ যৌন সম্ভোগৰ আকাংক্ষা ইমানেই তীব্ৰ আছিল যে তেওঁ পেটৰ বিকাৰত চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছতো যুৱকজনক যৌন সম্ভোগ কৰিবলৈ বাধ্য কৰিছিল। মুম্বাইৰ এখন আদালতে যুৱকজনক বিবাহ বিচ্ছেদৰ অনুমতি দিছে কিয়নো তেওঁৰ পত্নী শুনানিত উপস্থিত হোৱা নাছিল। ন্যায়াধীশে কৈছিল যে যিহেতু মহিলাগৰাকী আদালতত হাজিৰ হোৱা নাছিল, আবেদনকাৰীৰ অভিযোগৰ কোনো সঁহাৰি দিয়া নাই। আৰু সেয়েহে আদালতে সংশ্লিষ্ট ব্যক্তিজনৰ অভিযোগ স্বীকাৰ কৰে আৰু বিবাহ বিচ্ছেদৰ অনুমতি দিয়ে।

Leave A Reply

Your email address will not be published.