জামুগুৰিহাটৰ ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ দুজন শিক্ষকৰ বিদায় সম্বৰ্ধনা
চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ বালিজুৰীৰ ২ নং তেজালপটি অঞ্চলত ১৯৮৪ চনতে স্থাপিত হোৱা ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ অলপতে অৱসৰ গ্ৰহণ কৰা দুজন শিক্ষকক একেলগে বিদ্যালয়খনে উষ্ম বিদায় সম্বৰ্ধনা জনায় । দুজন শিক্ষক ক্ৰমে প্ৰধান শিক্ষক টংক কুৰ্মী আৰু সহকাৰী শিক্ষয়ত্ৰী ভানু বৰাই সুদীৰ্ঘ বহু বছৰ ধৰি সততা আৰু নিষ্ঠাৰে তেজালপটি অঞ্চলৰ বিভিন্ন ভিতৰুৱা ঠাইৰ পৰা বিদ্যালয়খনলৈ অহা ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি অলপতে চৰকাৰী বিধি মতে অৱসৰ গ্ৰহণ কৰে । বিদায় সভাখনৰ সভাপতিৰ আসন অলংকৃত কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পদুম শইকীয়াই৷ নৱনিযুক্ত প্ৰধান শিক্ষক মিন্টু কাকতি আৰু জেষ্ঠ শিক্ষক নাৰায়ণ শৰ্মাই আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত এই দুগৰাকী অৱসৰী শিক্ষকক বিদ্যালয়খনে বিদায় সম্ভাষন জনায় । বিদ্যালয়খনিৰ প্ৰধান শিক্ষক মিন্টু কাকতিৰ দ্বাৰা আয়োজিত বিদায় সভাত দেখা গল এক শোকাকুল পৰিবেশ ।আনুষ্ঠানটিত বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, পুৱ মুঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী মেঘালী কলিতা, নদুৱাৰ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া পিটাৰ চৌধুৰী আৰু ছাত্ৰছাত্ৰী সকলে বিদায়ী শিক্ষক দুজনক ফুলাম গামোছা,শৰাই আৰু জাপিৰ লগতে কিতাপ কলম উপহাৰ দি বিদায় সম্ভাষন জনায় । ইয়াৰোপৰি বিদায় সভাৰ অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকাৰো উন্মোচন কৰে পূৱ মুঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী মেঘালী কলিতাই ।
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।