প্ৰথম ‘ৱায়াৰলেচ ফোন’ উদ্ভাৱন কৰি, তেওঁ সমগ্ৰ বিশ্বতে এটা জোকাৰণি সৃষ্টি কৰিছিল। যোৱা শতিকাৰ ১৯৭০ ৰ দশকত মোবাইল ফোন ‘মটৰোলা ডাইনাটাক ৮০০০এক্স’ৰ সৈতে আৰম্ভ হোৱা যাত্ৰাই আজি পৃথিৱীখন সলনি কৰি দিলে । সেই ম’বাইল ফোনটোৰ অন্যতম সৃষ্টিকৰ্তা মাৰ্টিন কুপাৰে দিনটোৰ ৫ শতাংশতকৈ কম স্মাৰ্টফোন ব্যৱহাৰ কৰে। তেওঁ কয়, “জীৱন উপভোগ কৰিবলৈ, আপুনি মোবাইল ফোনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। ”
আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোৰ বাসিন্দা মাৰ্টিনে সদায়ে এটা চেলফোন এজন ব্যক্তিৰ ব্যক্তিগত ফোন হোৱাটো বিচাৰিছিল, যাতে নম্বৰ এটা ডায়েল কৰিলে কেৱল এজন নিৰ্দিষ্ট ব্যক্তিৰ সৈতে যোগাযোগ কৰা সম্ভৱ হ’ব, কোনো নিৰ্দিষ্ট স্থানৰ সৈতে নহয়। শেহতীয়াকৈ বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ এইদৰে কয়: “মই দিনত পাঁচ শতাংশতকৈও কম সময়ত মোৰ মোবাইল ফোন ব্যৱহাৰ কৰোঁ। ”
যিসকলে দিনৰ পাঁচ শতাংশতকৈ অধিক সময় তেওঁলোকৰ মোবাইল ফোনত অতিবাহিত কৰে, তেওঁলোকৰ বাবে মাৰ্টিনে হাঁহি এটা মাৰি কয়, “জীৱন উপভোগ কৰিবলৈ শিকক। মোবাইল ফোনৰ ব্যৱহাৰ হ্ৰাস কৰক। ”
মাৰ্টিনে ১৯৭৩ চনৰ ৩ এপ্ৰিলত প্ৰথম মোবাইল উদ্ভাৱন কৰিছিল। সেইদিনাৰ কথা মনত পেলাই তেওঁ কয়, “ফোনটোৰ ওজন আঢ়ৈ পাউণ্ড আছিল। আৰু ১০ ইঞ্চি দীঘল। আপুনি এবাৰ চাৰ্জৰ সৈতে ২৫ মিনিটৰ বাবে কথা পাতিব পাৰে। চাৰ্জ কৰিবলৈ ১০ ঘণ্টা সময় লাগিছিল। ”