Daily Time Axom

ক’ভিডত আক্ৰান্ত এটা বাঘৰ মৃত্যু

0 12

ক’ভিডত আক্ৰান্ত এটা ১৪ বছৰীয়া বাঘৰ মৃত্যু হৈছে। আমেৰিকাৰ ওহাইঅ’ৰ কলম্বাছ চিৰিয়াখানা আৰু একুৱাৰিয়ামত বাঘটোৰ মৃত্যু হয়। চিৰিয়াখানা কৰ্তৃপক্ষই জনোৱা অনুসৰি, ক’ভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত বাঘটো নিউমোনিয়াত ভুগি আছিল। অৱশেষত নিউমোনিয়াত আক্ৰান্ত হৈ মৃত্যু হয়।

চিৰিয়াখানাত ক’ভিডৰ দ্বাৰা সংক্ৰমিত হোৱা বাঘটোৰ নাম জুপিটাৰ। বাঘটোৱে দীৰ্ঘদিন ধৰি ক’ভিডৰ চিকিৎসা কৰি আছিল। তাৰ ১৫ তম জন্মদিনলৈ মাত্ৰ দুসপ্তাহ বাকী আছিল। তাৰ জন্ম মস্কোৰ চিৰিয়াখানাত হৈছিল। বাঘটোৰ ৯ টা সন্তান আছে। জানিব পৰা মতে, এই চাইবেৰিয়ান বাঘবোৰ বিলুপ্তিৰ আশংকাত আছে। 

গৱেষকে কৈছে যে কেৱল মানুহেই নহয়, মেকুৰী আৰু বান্দৰৰ দৰে প্ৰাণীও ক’ভিড সংক্ৰমণৰ উচ্চ আশংকা আছে।

Leave A Reply

Your email address will not be published.