Daily Time Axom

নলবাৰী জিলা উপায়ুক্ত কাৰ্য্যালয়ত মন্ত্ৰীদ্বয় জয়ন্তমল্ল বৰুৱা, নন্দিতা গাৰ্লোছা আৰু উপায়ুক্ত গীতিমণি ফুকন বৈঠক

0 34

আজি নলবাৰী জিলা উপায়ুক্ত কাৰ্য্যালয়ত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, নন্দিতা গাৰ্লোছা আৰু নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকনৰ উপস্থিতিত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এক পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত এইবাৰৰ প্ৰলয়ংকাৰী বানত হোৱা ক্ষয়ক্ষতি আৰু ক্ষতিগ্ৰস্ত পৰিয়ালৰ সঠিক তথ্য সংগ্ৰহৰ বাবে তৎকালে জৰীপ চলোৱাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰী বৰুৱাই। লগতে ক্ষতিগ্ৰস্ত পৰিয়াল আৰু ক্ষয়ক্ষতিৰ জৰীপত যাতে কোনো ধৰণৰ বিসংগতি নহয় তাত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ জিলা প্ৰশাসনলৈ আহ্বান জনায়। বানৰ পিছত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী যেনে ফেনাইল, ব্লিছিং পাউদাৰৰ লগতে বিশুদ্ধ খোৱাপানী, ঔষধ আদি যোগানৰ ক্ষেত্ৰত অধিক সক্ৰিয়তাৰে কাৰ্য্য কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী দুয়োগৰাকীয়ে।

আজিৰ এই বৈঠকতেই নলবাৰী জিলাৰ বিভিন্ন ব্যক্তিৰ মাজত “প্ৰাৰ্থনা আঁচনি”ৰ চেক বিতৰণ কৰাৰ লগতে বন বিভাগৰ তৰফৰ পৰা “বন মহোৎসৱ” উপলক্ষে গছ পুলি বিতৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.